শিক্ষা বিভাগত হোৱা নিযুক্তিৰ ক্ষেত্ৰত সৰৱ ৰাজ্য চৰকাৰ

শিক্ষা বিভাগত হোৱা নিযুক্তিৰ ক্ষেত্ৰত সৰৱ ৰাজ্য চৰকাৰ

শিক্ষা বিভাগত হোৱা নিযুক্তিৰ ক্ষেত্ৰত সম্প্ৰতি সৰৱ ৰাজ্য চৰকাৰ ৷ বিগত দুই দশকৰ পৰা বিদ্যালয়সমূহ হোৱা অনিয়মিত নিযুক্তি সন্দৰ্ভত এক পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৰাজ্য চৰকাৰে ৷ ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সোমবাৰে অসম বিমানসভাত দিয়া এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ পায়৷ এই সন্দৰ্ভত তথ্য দি মন্ত্ৰী ভট্টাচাৰ্যই কয় যে প্ৰায় ২০ -২৫ বছৰৰ পূৰ্বতে বিদ্যালয়সমূহত শিক্ষক নিযুক্তি কৰণত ব্যাপক বিসংগতিৰ সন্মুখীন হয় ৷যদিহে শিক্ষকক পদ ৩০ টা আছিল তেন্ত সেই পদত প্ৰায় ৩০০ জন প্ৰাৰ্থীক নিয়োগ কৰা হৈছিল ৷

লগতে শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই কয় যে মই শিক্ষা বিভাগক পথভষ্ট কৰা বিষয়াসকলৰ বিৰোদ্ধে আইনে প্ৰক্ৰিয়াৰে তদন্ত কৰা হ’ব ৷অৱশ্যে ইয়াৰে কিছুসংখ্যক বিষয়াই কাৰ্যৰ পৰা বিদায় ল’লে যদিও আমি তেওঁলোকৰ বিৰোদ্ধেও তদন্ত কৰিম ৷মন্ত্ৰী ভট্টাচাৰ্যই লগতে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্প্ৰতিও শিক্ষা বিভাগৰ গোচৰ এতিয়াও আছে ৷এই সমূহে শিক্ষা বিভাগৰ কামত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে ৷প্ৰকৃততে উচ্চ ন্যায়ালয়ৰ এই দীঘলীয়া বিষয়সমূহৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ত সম্প্ৰতি ভাইচ চেঞ্চেলাৰ নিযুক্তি দিব পৰা নাই৷

ইফালে সম্প্ৰতি অসমৰ বিভিন্ন আন্দোলনত ছাত্ৰ সমাজ জড়িত হৈ পৰাৰ প্ৰসংগত শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই কোনো দল সংগঠনৰ নাম নোলোৱাকৈ কয় যে,কোনোও ছাত্ৰ সমাজক যিকোনো কাৰণত আন্দোলনত জৰিত কৰিব নালাগে ৷বিশেষকৈ চৰকাৰী বিদ্যালয়ত পাঠদান কৰাটো ছাত্ৰ ছাত্ৰীসকলক গুণগত পূৰ্ণ শিক্ষা লাভৰ কাৰণে প্ৰয়াস কৰাব লাগে ৷যদি তেওঁলোকক শিক্ষাৰ পৰিৱৰ্তে পথলৈ নিয়ে,তেন্তে তেওঁলোকৰ জীৱন অন্ধকাৰপূৰ্ণ হ’ব পাৰে ৷লগতে মন্ত্ৰী জনে কয় যে মই ব্যক্তিগত বিদ্যালয়ৰ কোনো ছাত্ৰকেই এনে আন্দোলনত যোগদান কৰা দেখা নাই৷ গতিকে এটা শৈক্ষিক বৰ্ষ যাতে অথলে নাযায় সেই সন্দৰ্ভে সকলোৱে সুনিশ্চিত থাকিব লাগে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com