শ্বহীদ কুশল কোঁৱৰ সাৰ্ব্বজনীন বৃদ্ধ পেঞ্চনৰ আৰম্ভণি। মাহিলি ২৫০ টকা কৈ সোমাব ৰাজ্যৰ ৬০ বছৰ উৰ্দ্ধৰ জেষ্ঠ লোকৰ একাউণ্টত।

শ্বহীদ কুশল কোঁৱৰ সাৰ্ব্বজনীন বৃদ্ধ পেঞ্চনৰ আৰম্ভণি। মাহিলি ২৫০ টকা কৈ সোমাব ৰাজ্যৰ ৬০ বছৰ উৰ্দ্ধৰ জেষ্ঠ লোকৰ একাউণ্টত।
Published on

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই শ্বহীদ কুশল কোঁৱৰ সাৰ্ব্বজনীন বৃদ্ধ পেঞ্চন আঁচনিখন পেঞ্চনৰ ধন পোনপটীয়াকৈ হিতাধিকাৰ একাউণ্টলৈ প্ৰেৰণ কৰাৰ কাৰ্য্য শুভাৰম্ভণি কৰে। এই আঁচনিৰ অধীনত ৰাজ্যৰ ৬০ বছৰ উৰ্দ্ধৰ প্ৰায় ১৬ লাখ বয়োজেষ্ঠ্য লোকক পেঞ্চনৰ সুবিধা প্ৰদান কৰা হ'ব। অসমৰ প্ৰথম গ্ৰেড আৰু দ্বিতীয় গ্ৰেডৰ চৰকাৰী চাকৰিয়ালৰ পিতৃ মাতৃৰ লগতে চৰকাৰী বা আন পেঞ্চন লাভ কৰা লোকসকলক এই আঁচনিত উপলব্ধ কৰা হোৱা নাই।

আনহাতে মন্ত্ৰী নৱ কুমাৰ দলেই ২০১৮ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০১৯ বৰ্ষৰ জানুৱাৰী মাহলৈ ১০ মাহৰ বাবে এই বৃদ্ধ পেঞ্চন দিয়া কথা ঘোষণা কৰে। ইতিমধ্যে ৪ লাখ বয়োজেষ্ঠ্য লোকক শ্বহীদ কুশল কোঁৱৰ সাৰ্ব্বজনীন বৃদ্ধ পেঞ্চন প্ৰদান কৰা হৈছে। দেশৰ ভিতৰত পোনপ্ৰথম বাৰৰ বাবে গ্ৰাম্যঞ্চলৰ পৰা সকলোকে সামৰি অসম চৰকাৰে এই জেষ্ঠ্য নাগৰিকলৈ এই আঁচনিৰ অধীনত পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

যি সকল শ্বহীদ কুশল কোঁৱৰ সাৰ্ব্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ কাৰণে যোগ্য হিতাধিকাৰী তেওঁলোকক স্হানীয় ব্লক অফিচ, পঞ্চায়ত অফিচ, নগৰ সমিতি আৰু পৌৰ নিগমত প-পত্ৰ সংগ্ৰহ কৰি আবেদন কৰিবলৈ আহ্বান জনায় বিধায়ক নৱ কুমাৰ দলেই।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com