সততে চৰ্চিত হৈ থকা আলিয়া ভাট্ট আৰু বৰুণ ধাৱানৰ সম্পৰ্কৰ কথা কি ক’লে বৰুণ ধাৱানে ?

সততে চৰ্চিত হৈ থকা আলিয়া ভাট্ট আৰু বৰুণ ধাৱানৰ সম্পৰ্কৰ কথা কি ক’লে বৰুণ ধাৱানে ?

বলীউডৰ অভিনেতা বৰুণ ধাৱানে ২০১০ চনত মাই নেম ইজ খানৰ দ্বাৰা সহায়ক নিৰ্দেশক হিচাপে নিজৰ বি টাউন যাত্ৰা আৰম্ভ কৰাৰ পিছত বলীউডক দিয়ে বিভিন্ন ছবিৰ উপহাৰ। ইয়াৰ ভিতৰত আছে বদ্ৰীনাথ কী দুলহনীয়া,বদলাপুৰ, জুড়ৱা ২,অক্টোবৰ দৰে ছবিত অভিনয় কৰে অভিনেতা বৰুণ ধাৱনে।

সম্প্ৰতি অভিনেতা বৰুণ ধাৱনে কলংক ছবিৰ জৰিয়তে দৰ্শকক আকৰ্ষণ কৰিবলৈ প্ৰস্তুতি চলাইছে। কলংক ছবিৰ প্ৰমোশ্যনৰ সময়ত বৰুণ ধাৱনে সহ শিল্পী আলিয়া ভাট্টৰ প্ৰসংগত কয় যে আলিয়া ভাট্ট বৰুণ ধাৱন কেৱল বন্ধুৱেই নহয়। আলিয়াৰ লগত বৰুণৰ আছে বিশেষ এটি সম্বন্ধ । দৃশ্যগ্ৰহণৰ সময়ত সহশিল্পীৰ লগত এনেধৰণৰ এটি সম্পৰ্ক হোৱা অতি প্ৰয়োজনীয়।

ইফালে দেখা যায় বৰুণ ধাৱন আৰু আলিয়া ভাট্টৰ সম্পৰ্কটোক লৈ প্ৰায়ে বিভিন্ন চৰ্চা হৈ থাকে অনুৰাগীসকলৰ মাজত ৷ তেওঁলোকৰ ইজনে সিজনৰ প্ৰতি কৰা মৰম সন্মান আদি সকলোবোৰ চৰ্চা হৈ থাকে ৷ ছ’চিয়েল মিডিয়াত আলিয়া ভাট্ট আৰু বৰুণ ধাৱানৰ সম্পৰ্কটোক লৈ বিভিন্ন ভিডিঅ’ নিৰ্মাণ হৈ থকা আমি দেখিবলৈ পাওঁ ৷

কিন্তু আলিয়া ভাট্ট আৰু বৰুণ ধাৱানৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কই যেন বহু কথাই শিকাই যায়। অন্যহাতে আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ লগত থকা প্ৰেমৰ সম্পৰ্কটোৰ কথা সকলো অনুৰাগীৰ নিশ্চয় জ্ঞাত ৷ দুয়োজনক বিভিন্ন অনুষ্ঠানত দেখিবলৈ পোৱা যায়। ঋষি কাপুৰ আৰু নীতু সিঙৰ পুত্ৰ ৰনবীৰ কাপুৰৰ লগত ৰিলেশ্বনত আছে আলিয়া ভাট্ট ৷

দুয়োকে মুম্বাইৰ পুলিছৰ অনুষ্ঠান ওমংগত দেখাৰ উপৰিও বিভিন্ন অনুষ্ঠানত প্ৰায়ে দেখা যায় ৷ আলিয়াৰ পিতৃ তথা নিৰ্দেশক মুকেশ ভট্টে জীয়ৰী আলিয়া আৰু ৰনবীৰৰ সম্পৰ্কটোৰ সম্পৰ্কে কয় যে তেওঁলোক দুয়োজন প্ৰেমৰ সম্বন্ধত আছে ৷ আলিয়াইও এই সম্বন্ধত কয় যে এনেকুৱা নহয় যে এনেধৰণৰ এটা সম্পৰ্ক এটা অনুভৱ ৷এই সম্পৰ্কটো মোৰ জীৱনৰ এটি মহত্ত্বপূৰ্ণ অংশ ৷ এই সম্পৰ্কটো অত্যন্ত সুন্দৰ ৷ অন্যহাতে আলিয়া আৰু ৰনবীৰে দুয়ো একেলগে বলীউডৰ ছবি “ব্ৰহ্মাস্ত্ৰ”ত একেলগে অভিনয় কৰিব ৷ ইফালে বৰুণ ধাৱানৰো নাটাশা দালালৰ লগত থকা প্ৰেমৰ সম্পৰ্কও সকলোৰে জ্ঞাত ৷ উল্লেখ্য যে দুয়ো জন অভিনেতাই সম্প্ৰতি কলংক ছবিৰ প্ৰমোশ্যন ব্যস্ত হৈ আছে ৷

কলংক ছবিৰ টিজাৰ মুকলি কৰাৰ প্ৰাকমুহুৰ্তত ছবি খনৰ নিৰ্মাতাই প’ষ্টাৰসমূহৰ জৰিয়তে এক জনসাধাৰণৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছিল। তাৰ ভিতৰত আলিয়া ভাট্ট আৰু সোনাক্ষী সিন্হা অন্যতম ৷ কলংক ছবি আলিয়া ভাট্ট অত্যন্ত সুন্দৰ দেখাইছে ৷ ৰঙা ৰঙৰ লেহেংগা পৰিধান কৰি আলিয়াই ইনষ্টাগ্ৰামত ফ’টো শ্বেয়াৰ কৰিছে ৷ ছবি খনত আলিয়াই ৰূপ নামৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে।

কলংক ছবিৰ প্ৰথম তিনিটি সংগীত মুক্তি পোৱাৰ পিছত এইবাৰ মুক্তি পালে তবাহ হো গয়া গীতটি। ইতিমধ্যে তবাহ হো গয়া গীতটিয়ে চলচ্চিত্ৰ প্ৰেমীক মন্ত্ৰমুগ্ধ কৰিছিল। ইফালে চলচ্চিত্ৰ প্ৰেমীসকলৰ মন্তব্য কৰা অনুসৰি তবাহ হো গয়া গীতটিয়ে অনুভৱ দিয়ে দেবদাস ছবিখনৰ মাৰ ডালা গীতটিৰ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com