সমগ্ৰ অনুৰাগীক কন্দুৱাই ইহলীলা সম্বৰণ কৰিলে অভিনেতা কেডাৰ খানে

সমগ্ৰ অনুৰাগীক কন্দুৱাই ইহলীলা সম্বৰণ কৰিলে অভিনেতা কেডাৰ খানে

অৱশেষত সেই দুখৰ খবৰটো আহিল ৷ দীৰ্ঘদিন অসুস্থতাৰ পিছত ৩১ ডিচেম্বৰত বিয়লি, কানাডাৰ স্থানীয় সময়োনুসৰি প্ৰায় ৬ বজাত লাখ লাখ অনুৰাগীক কন্দুৱাই এই পৃথিৱীৰ পৰা ইহলীলা সম্বৰণ কৰিলে অভিনেতা কেডাৰ খানে৷ ৮১ বছৰীয়া অভিনেতাজনৰ মৃত্যুত সম্প্ৰতি দুখ প্ৰকাশ কৰিছে বলীউডৰ লগতে দেশবাসীয়ে ৷ প্ৰথমতে কেডাৰ খানৰ উশাহ নিশাহ লোৱাত কষ্ট হয় ৷ লগতে নিউমোনিয়া ৰোগো হৈছিল কেডাৰ খানে । লগতে মৃত্যুৰ প্ৰাকমুহুৰ্তত কেডাৰ খানে হেৰুৱাই পেলাইছিল মানসিক সন্তুলিত অৱস্থা। সেয়েহে বিগত ৪ মাহৰ পৰা চিকিৎসালয়ত আছিল কেডাৰ খান ৷ ইফালে কেডাৰ খানৰ মৃত্যুৰ পিছত বলীউডৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্ৰদ্ধাঞ্জলী অৰ্পন কৰিছে। বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা আছিল কেডাৰ খান ৷

বিশেষকৈ কেডাৰ খানৰ ছবিত যি কমেডী অভিনয়,কমিক টাইম সেয়া যথেষ্ট মন কৰিবলগীয়া ৷ দীৰ্ঘদিন ধৰি কেডাৰ খানৰ প্ৰোগেচিব সুপ্ৰান্যুক্লীয়াৰ পাল্সী ডিছঅৰ্ডাৰ ৰোগ হৈছিল ৷ ইয়াৰ কাৰণে মগজুয়ে সন্তুলিত ক্ষমতা হেৰুৱাই পেলাইছিল ৷ অৰ্থাৎ মগজুৱে কথা ভবাৰ শক্তি,কথা কোৱাৰ ক্ষমতা, দেখা,শুনা ব্যৱহাৰ আদি সকলো বোৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছিল ৷ ফলত মগজৰ প্ৰায় ৯০ টা চেলচ নষ্ট হৈ যায় ৷ অন্যহাতে টুইটাৰ যোগে কেডাৰ খানৰ আশু আৰোগ্য কামনা কৰিছিল বলীউডৰ বিগ বি অমিতাভ বচ্চনে ৷ লগতে কেডাৰ খানে সুন্দৰ কাহিনী লিখাৰ লগতে প্ৰসংগ আৰু এজন ভাল গণিত শিক্ষক হোৱাৰ কথাও উল্লেখ কৰে বলীউডৰ বিগ বিয়ে ৷

উল্লেখ্য যে, কেডাৰ খানৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২২ অক্টোবৰত ৷ ইছমাইল ইউচুফ কলেজৰ পৰা স্নাতক কেডাৰ খানে এসময়ত শিক্ষকতাও কৰিছিল ৷ অন্যহাতে কলেজৰ দিনত অনুষ্ঠিত কৰা এখন নাটকত সুদক্ষ অভিনয়ৰ কাৰণে যথেষ্ট প্ৰশংসাৰ সন্মুখীন হৈছিল কেডাৰ খান ৷ ইয়াৰ পিছতেই কেডাৰ খানক প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰে মাতি পঠায় আৰু কেডাৰ খানৰ অভিনয় চোৱাৰ ইচ্ছা প্ৰকাশ কৰে ৷ কেডাৰ খানৰ অভিনয়ত মুগ্ধ হৈ দিলীপ কুমাৰে কেডাৰ খানক দুখন ছবি "চগীনা মহাতো" আৰু "ৱেৰাগ" কাৰণে অফাৰ দিয়ে ৷

কেডাৰ খান এজন সুদক্ষ অভিনেতা হোৱাৰ লগতে এজন ছবি নিৰ্দেশকো । প্ৰায় ৩০০ খন ছবিত অভিনয় কৰা কেডাৰ খানৰ প্ৰথম ছবি ১৯৭৩ চনৰ মুক্তি লাভ কৰা "দাগ"৷ এজন অধিবক্তাৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰিছিল কেডাৰ খানে ৷ হিন্দী ছবি জগতত দিয়া অন্যবৈদ্য অৱদানৰ কাৰণে কেডাৰ খানক ২০১৩ চনত সাহিত্য শিৰোমণি পুৰস্কাৰ লাভ কৰিছিল ৷ কিন্তু চিৰ সেউজ অভিনেতা কেডাৰ খানৰ অভিনয় চলচ্চিত্ৰ প্ৰেমী তথা অনুৰাগীসকলৰ কাৰণে অত্যন্ত জীৱন্ত৷ কেডাৰ খানে বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ বহুকেইখন ছবিত লিখা ডায়ল’গসমূহ যথেষ্ট জনপ্ৰিয়তা লাভ কৰে ।

ইয়াৰ ভিতৰত মুকদ্দৰ কা চিকণ্ডৰ, অমৰ আকবৰ এন্থনীৰ ডাইল’গসমূহে যথেষ্ট জনপ্ৰিয় হৈছিল ৷কুলী,দেশ প্ৰেমী,লাৱাৰিছ,মিষ্টাৰ নটৱৰলাল,হম আদি বিভিন্ন ছবিত ছুপাৰহিট ডাইল’গ লিখিছিল কেডাৰ খানে ৷ কেডাৰ খানে প্ৰায় ৩৫০ খন ছবিত অভিনয় কৰে লগতে ২৫০ খন ছবিত স্কীপ্ট আৰু ডাইল’গ লিখে ৷সম্প্ৰতি বলীউডৰ সকলোৱে এই প্ৰসিদ্ধ অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷লগতে কেডাৰ খানৰ বিদেহী আত্মাৰ সদগতি বিচাৰিছে৷

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com