সমগ্ৰ ৰাজ্যত ৪২৩.১৭ কোটি টকাৰ সম্পত্তি ধ্বংস বিগত পাঁচ বছৰত

সমগ্ৰ ৰাজ্যত ৪২৩.১৭ কোটি টকাৰ সম্পত্তি ধ্বংস বিগত পাঁচ বছৰত

ৰাজ্যত যিকোনো আাপাতকালীন দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে তৎকালীন ভাৱে দুৰ্যোগ হোৱা ঠাইত দুৰ্যোগ নিয়ন্ত্ৰণ কাৰী দল উপস্থিত হ’লে জীৱন আৰু সম্পত্তি ৰক্ষা কৰিব পাৰি ৷ সম্প্ৰতি প্ৰতিদিনে বৃদ্ধি পোৱা জনসংখ্যাৰ বিপৰীতে প্ৰতিদিনে বৃদ্ধি পাইছে অগ্নি কাণ্ডৰ দৰে ঘটনা ৷কিন্তু অগ্নিকাণ্ড সংঘটিত হোৱা ঠাইত যদি সময় মতে উচিত ব্যৱস্থা লোৱা যায় তেন্তে বহু জীৱন সম্পত্তি ক্ষয় ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰিব। অসমৰ সংঘটিত হোৱা এনেধৰণৰ দুৰ্যোগসমূহৰ বাৰ্ষিক পৰিসংখ্যা অনুসৰি ২০১৪ চনত প্ৰায় ৭২৮ টা অগ্নিকাণ্ডৰ সন্দৰ্ভত অহা ফোন ক’ল,২০১৫ চনত ৬৭৫ টা,২০১৬ ত ৬৪৪,২০১৭ চনত ৭৭৭ ,২০১৮ চনত ৮৪৪ টাকে ধৰি সৰ্বমুঠ ৩৬৬৮ টা ফোন ক’ল আহে বিগত পাঁচ বছৰত।

ইফালে,২০১৮ বৰ্ষত কামৰূপ(মেট্ৰ’)ত ৯৯ টা ফোন ক’ল পোৱা গৈছিল। ইয়াৰ ভিতৰত গুৱাহাটী ফায়াৰ এণ্ড ইমাৰজেন্সী চাৰ্বিছ প্ৰায় ১৯ টা ফোন ক’ল উপলব্ধ হয় ৷ চান্দমাৰী ফায়াৰ এণ্ড ইমাৰজেন্সী চাৰ্ভিছত পোৱা যায় ১০ টা ফোন ক’ল,দিশপুৰ ফায়াৰ এণ্ড ইমাৰজেন্সী চাৰ্ভিছত ৩৭ টি ফোন ক’ল,পাণ্ডু ফায়াৰ এণ্ড ইমাৰজেন্সী চাৰ্ভিছত ৯ টা ফোন ক’ল,লখৰা ফায়াৰ এণ্ড চাৰ্ভিছত ১৫ টা ফোন ক’ল,সোনাপুৰ ফায়াৰ এণ্ড ইমাৰজেন্সী চাৰ্ভিছত ৮ টা ফোন ক’ল, চন্দ্ৰপুৰ ফায়াৰ এণ্ড ইমাৰজেন্সী চাৰ্ভিছত ১ টা ফোন ক’ল উপলব্ধ হয়। অসমত বাৰ্ষিক ভাবে অতি গুৰুতৰ ভাৱে সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে,২০১৪ চনত ১৪ টা ক’ল,২০১৫ বৰ্ষত ৭ টা,২০১৬ বৰ্ষত ১১ টা,২০১৭ বৰ্ষত ১৫ টা,২০১৮ বৰ্ষত ৮ টা ফোন ক’লেৰে মুঠ ৫৫ টা গুৰুতৰ ভাৱে অগ্নিকাণ্ড সংঘটিত হয়।

২০১৪ চনত মুঠ ৪২৪৭ টা,২০১৫ চনত ৩৮১৯ টা,২০১৬ চনত ৩৪২০ টা,২০১৭ চনত ৩৪২৬ টা,২০১৮ চনত ৩৭৯৯ টা ফোন ক’লেৰে মুঠ ১৮৭১১ টি ফোন ক’ল উপলব্ধ হয় বিগত পাঁচ বছৰত ৷ অন্যহাতে,২০১৮ চনত ৬৩৮টা কামৰূপ মেট্ৰ’ত,১৯৩ টা গুৱাহাটী ফায়াৰ এণ্ড ইমাৰজেন্সী ষ্টেশ্যনত,১১০ টা চান্দমাৰী ফায়াৰ এণ্ড ইমাৰজেন্সী ষ্টেচনত,১৪৫ টা দিশপুৰ ফায়াৰ এণ্ড ইমাৰজেন্সী ষ্টেচনত,১০১ টা পাণ্ডু ফায়াৰ এণ্ড ইমাৰজেন্সী ষ্টেচনত,৫৪ টা লখৰা ফায়ৰ এণ্ড ইমাৰজেন্সী ষ্টেচনত,২৬ টা সোনাপুৰ ফায়াৰ এণ্ড ইমাৰজেন্সী চাৰ্ভিছ ষ্টেচনত আৰু ৯ টা চন্দ্ৰপুৰ ফায়াৰ আৰু ইমাৰজেন্সী চাৰ্ভিছ ষ্টেচনত অতি গুৰতৰ ভাৱে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত ফ’ন ক’ল আহে ৷এই অগ্নিকাণ্ডৰ কাৰণে বিপন্ন হৈছে জনসাধাৰণৰ জীৱন ৷ এই ক্ষেত্ৰত ২০১৪ বৰ্ষত ১৮১ টা,২০১৫ বৰ্ষত ১৫৬ টা,২০১৬ বৰ্ষত ২২৬ ,২০১৭ বৰ্ষত ২৬২ টা,২০১৮ বৰ্ষত ২৫৫ টাকে ধৰি মুঠ ১০৮০ জন লোকে প্ৰাণ হেৰুৱাই বিগত পাঁচ বছৰত ৷ইয়াৰ ভিতৰত কামৰূপ মেট্ট’ত ২৫ জন লোকে,গুৱাহাটীত ১৫ জনে,চান্দমাৰীত ৬ জন,দিশপুৰত ১ জন,পাণ্ডুত ১ জন,চন্দ্ৰপুৰত ২জন লোকে প্ৰাণ হেৰুৱাই।

অগ্নিকাণ্ডৰ ফলত ক্ষয় হোৱা সম্পৰ্ত্তিৰ ভিতৰত ২০১৪ চনত ৬৪,৮৪,৬৫,১৭০ টকা,২০১৫ চনত ৮৯,০৩,৭১,৩৪৭ টকা,২০১৬ চনত ৭৬,২৭,৬৭,৭৯৮ টকা,২০১৭ বৰ্ষত ৯০,৪০,৪৮,৭৮০ টকা,২০১৮ চনত ১,০২,৬১,৩০,৬২৬ টকাৰ লগত মুঠ সম্পত্তি অগ্নিকাণ্ডত নষ্ট হয় ৪,২৩,১৭,৮৩,৭২১ টকা ৷ইয়াৰ ভিতৰত একমাত্ৰ গুৱাহাটী নষ্ট হোৱা সম্পৰ্ত্তিৰ পৰিমাণ ২০১৮ চনত ২,৫৭,২৫,০০০, চান্দমাৰীত ৫৬,২১,১৫০ টকা, দিশপুৰত ৫,৪১,৫৬,০৫২ টকা,পাণ্ডুত ৫৫,১৫,৮০০ টকা,লখৰাত ২,৪৭,৭০,৪৫০ টকা,সোনাপুৰত ৫৯,৬০,০০০ আৰু চন্দ্ৰপুৰত ১,৩৮,০০০ টকা ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com