সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ পঢ়ক আমাৰ এই বিশেষ বিধি

সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ পঢ়ক আমাৰ এই বিশেষ বিধি

সুস্বাস্থ্যৰ অধিকাৰী হ’ব আমি সকলোৱে বিচাৰো ৷ব্যতিক্ৰম নহয় আপুনিও ৷সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ যাওঁতে আমি বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰোঁ ৷কিন্তু সেই খাদ্যসমূহে প্ৰকৃততে আমাৰ শৰীৰত উপযুক্তভাৱে ক্ৰিয়া কৰেনে? আমি আমাৰ শৰীৰত পাব লগা সকলো ধৰণৰ ভিটামিন সেই খাদ্যসমূহৰ পাওঁনে ৷ কাৰণ কিছুমান খাদ্য ভক্ষণ কৰিলে আন বিভিন্ন ধৰণে আমাৰ শৰীৰৰ ভিতৰলৈ বিষাক্ত পদাৰ্থসমূহ যায়।সুস্বাস্থ্য,সুস্থ ছাল,বা শৰীৰৰ ভিতৰৰ সকলো অংগ সুস্থ থকাটো অত্যন্ত জৰুৰী৷কাৰণ সুস্বাস্থ্য,সুস্থ মনেহে এটা সুস্থ বাতাৱৰণৰ সৃষ্টি কৰিব পাৰে ৷কিন্তু,মন কৰিব লগীয়া কথাটো হ’ল খাদ্যৰ জৰিয়তে অথবা আন বিভিন্ন ধৰণে আমাৰ শৰীৰৰ ভিতৰলৈ যোৱা এই বিষাক্ত পদাৰ্থসমূহ শৰীৰৰ বাহিৰলৈ ওলাব কেনেকৈ?আহক চাওঁ ইয়াৰ কেইটিমান উপায়৷

১.নেমু পানী

নেমু পানীয়ে শৰীৰৰ বিষাক্ত পদাৰ্থক বাহিৰলৈ অনাত সহায় কৰে ৷ইয়াক তৈয়াৰ কৰা বিধি অত্যন্ত সহজ ৷ এটি পাত্ৰত পানী লৈ নেমুৰ ৰস দি সোৱাদ অনুযায়ী ক’লা নিমখ দি খালে সুফল লাভ কৰিব পাৰি৷

২.ডালিম

ডালিমত পৰ্যাপ্ত পৰিমাণে ভিটামিন চি আৰু ফাইবাৰ থাকে ৷হৃদ ৰোগী সকলক স্বাস্থ্য সন্মত ৰখা তথা শৰীৰৰ কলেষ্ট’ৰেলক নিয়ন্ত্ৰিত কৰাত ডালিমে সহায় কৰে। গতিকে ডালিম বা ইয়াৰ জুছ শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী ৷

৩. নহৰু

নহৰুত শক্তিশালী এন্টী বায়ৰেল,এন্টীচেপ্তিক আৰু এন্টিবায়’টিক গুণ আছে৷লগতে নহৰুৱে পাচন তন্ত্ৰৰ বিষাক্ত পদাৰ্থক বাহিৰ কৰাত সহায় কৰে । অৱশ্যে আমাৰ শৰীৰৰ কাৰণে ৪ গ্ৰাম নহৰুৱেই প্ৰয়োজনীয় ৷

৪ . ব্ৰ’কলী

আমি প্ৰায়ে ব্ৰ’কলী খাই ভাল পাঁও । ব্ৰ’কলি আমাৰ শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী ৷ ১০০ গ্ৰাম ব্ৰ’কলী যদি এদিনত খায় তেন্তে ডিটাক্সীফিকেশ্যনৰ কাৰণে উপকাৰী ৷

৫.বেৰী

সকলো ধৰণৰ বেৰী দৰে ফল যেনে ষ্টৱেৰী,ব্লেকবেৰী আৰু ব্লুবেৰী আদিত ভিটামিন চি আৰু ফাইবৰ পোৱা যায় । ৱেৰী শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী ৷ প্ৰত্যেক দিনেই ১০০ গ্ৰাম বেৰী শৰীৰৰ কাৰণে পৰ্যাপ্ত ৷

৬. মাটিকঠাল

মাটি কঁঠাল খায় আমি প্ৰত্যেকেই ভাল পাওঁ ৷ইয়াত ব্ৰোমলেন নামৰ এনজাইম থাকে ৷এই পদাৰ্থই প্ৰ’টিন পৃথক কৰাৰ উপৰিও পাচন সঠিক কৈ ৰখাত সহায় কৰে ৷এগৰাকী মহিলাই এদিনত ২১ ৰ পৰা ২৫ গ্ৰাম আৰু পুৰুষে ৩০ ৰ পৰা ৩৮ গ্ৰাম মাটিকঠাল খোৱা উচিত ৷

৭.বীট

বীটত প্ৰচুৰ পৰিমাণে ভিটামিন বী ৩,বী ৬ ৰ উপৰিও কেৰোটিন,মেগনেছিয়াম, কেলছিয়াম আৰু আয়ৰণ থাকে ৷এই সমূহ ফাইবাৰে পাচনত সহায় কৰে৷ প্ৰায় ১৫০ গ্ৰাম বীট শৰীৰৰ কাৰণে উপযোগী ৷

৮.আপেল

আপেল প্ৰায় সংখ্যক মানুহৰে প্ৰিয় ৷ আপেলত ভিটামিন,ফাইবৰ,খনিজ প্ৰচুৰ পৰিমাণে থাকে। এই সকলোবোৰ মিশ্ৰিত হৈ শৰীৰৰ বিষাক্ত পদাৰ্থক বাহিৰ কৰে ৷গতিকে দিনে এটাকৈ আপেল খাই সুস্থ থাকক আপুনিও ৷

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com