মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে ৫ খন নতুন ভ্ৰাম্যমাণ স্বেচ্ছামূলক ৰক্ত সংগ্ৰহকাৰী বাহনৰ

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে ৫ খন নতুন ভ্ৰাম্যমাণ স্বেচ্ছামূলক ৰক্ত সংগ্ৰহকাৰী বাহনৰ
Published on

ৰাজ্য স্বাস্থ্য বিভাগৰ উন্নয়নৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক প্ৰদক্ষেপ। জনসাধাৰণৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে ।

অসমৰ ৫খন জিলাৰ চিকিৎসা মহাবিদ্যালয়–জিলা চিকিৎসালয়ত সংযোজন হ’ব ৫খন নতুন ভ্ৰাম্যমান স্বেচ্ছামূলক ৰক্ত সংগ্ৰহকাৰী বাহন৷ এই বাহন সমুহে অসম মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ, ফাকাৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ, বৰপেটা, শিলচৰ মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ আৰু ভোগেশ্বৰী ফুকন অসামৰিক হস্পিতালৈ ৰক্ত প্ৰেৰণ কৰা হব ।

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এই পদক্ষেপে ৰক্তদাতাৰ সংখ্যা বৃদ্ধি কৰিব বুলি আশাবাদী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মহানগৰীৰ খানাপাৰাস্থিত অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰাংগনত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে বাহনসমূহৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com