ৰঞ্জী ট্ৰফীত গোৱাৰ বিৰুদ্ধে দুৰ্বল আৰম্ভণি ঘৰুৱা দল অসমৰ

ৰঞ্জী ট্ৰফীত গোৱাৰ বিৰুদ্ধে দুৰ্বল আৰম্ভণি ঘৰুৱা দল অসমৰ

ৰঞ্জী ট্ৰফীৰ এখন খেলত আজি গোৱাৰ বিৰুদ্ধে ঘৰুৱা দল অসমে দুৰ্বল আৰম্ভণি ঘটাইছে। গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত আজিৰে পৰা অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ এলীট গ্ৰুপ চিৰ সপ্তম ৰাউণ্ডৰ এখন খেলত ঘৰুৱা দল অসম মুখামুখি হৈছে গোৱাৰ বিৰুদ্ধে। ৰঞ্জী ট্ৰফীত দুয়োটা দলৰ সামগ্ৰীক প্ৰদৰ্শন ভাল নহয়, ইতিমধ্যে দুয়োটা দলৰে নকআউট পৰ্য্যায়লৈ উন্নীত হোৱাৰ সম্ভাৱনা প্ৰায় সমাপ্ত হৈছে। গুৰুত্বহীন যদিও খেল খনত দুয়োটা দলৰ আত্মসন্মানৰ কথা জড়িত হৈ আছে। আজি চাৰিদিনীয়া খেল খনৰ প্ৰথম দিনা গোৱাই টছত জয়ীহৈ ঘৰুৱা দল অসমক প্ৰথমে বেটিঙ কৰাৰ বাবে আমন্ত্ৰণ জনাই।

ৰঞ্জী ট্ৰফীত বেটিঙত ক্ৰমাগত ভাবে ব্যৰ্থতাৰ ধাৰা অব্যাহত ৰাখি ইনিংছ আৰম্ভনি কৰিয়ে দলীয় স্কোৰ ২ ৰাণত অপেনাৰ পল্লৱ কুমাৰ দাসে কোনো ৰাণ নকৰাকৈ লক্ষ্য গাৰ্গৰ বলত এলবিডব্লিউ হৈ পেভিলিয়ানলৈ উভতি যায়। আনজন অপেনাৰ বিপ্লৱ শইকীয়াই দলীয় স্কোৰ ৫৬ ৰাণত ব্যক্তিগত ভাবে ৪১ ৰাণৰ বৰঙণি আগবঢ়াই কৃষ্ণ দাসৰ বলত নিজৰ উইকেট হেৰুৱাই। ব্যৰ্থ হয় অসমৰ মিডিল অৰ্ডাৰ বেটছমেন শিৱশংকৰ ৰয় আৰু ঋষভ দাস। ঋষভ দাসে ১৪ ৰাণ কৰি আউট হোৱাৰ বিপৰীতে কোনো ৰাণ নকৰাকৈ পেভিলিয়ান মুখি হয় শিৱশংকৰ ৰয়। গকুল শৰ্মাই অধিনায়ক অমিত সিনহাৰ লগত লগ লাগি কিছু প্ৰতিৰোধ গঢ়াৰ চেষ্ঠা কৰিলেও দুয়ো ব্যক্তিগত ভাবে ২২ আৰু ২০ ৰাণ কৰি আউট হয়। ইয়াৰ বাহিৰে স্বৰূপম পুৰুকায়স্থই ৩১ৰাণ, ৱাচিকুৰ ৰহমানে ১৯ ৰাণ কৰে। টেইল অৰ্ডাৰৰ অৰুপ দাসে ৮ ৰাণ, ৰঞ্জিত মালীয়ে ১৯ ৰাণ কৰে। অসমে প্ৰথম দিনা আটাইকেইটা হেৰুৱাই ১৭৫ ৰাণ সংগ্ৰহ কৰে। গোৱাৰ হৈ লক্ষ্য গাৰ্গে সুন্দৰ বলিঙ প্ৰদৰ্শনেৰে ৫ টা উইকেট দখল কৰে, কৃষ্ণ দাস আৰু অমিত বাৰ্মাই ২ টাকৈ উইকেট দখল কৰে।

অসমৰ ১৭৫ ৰাণৰ প্ৰত্যুত্তৰত গোৱাই নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি প্ৰথম দিনাৰ খেল সামৰণি পৰালৈ তিনিটা উইকেট হেৰুৱাই ৬৬ ৰাণ সংগ্ৰহ কৰে। গোৱাৰ হৈ চুমিৰণ আমোনকাৰ আৰু শ্নেহাল সুহাসে ১৯ ৰাণ আৰু ৮ ৰাণত বেটিঙ কৰি আছে। অসমৰ হৈ বেগী বলাৰ অৰূপ দাসে দুৰ্দান্ত বলিঙ প্ৰদৰ্শন কৰি ৩ টা উইকেট দখল কৰে। উল্লেখ্য যে আজি প্ৰথম বাৰৰ বাবে অসমৰ বিগত বৰ্ষত সফল বলাৰ কৃষ্ণ দাসে ঘৰুৱা দলৰ বিৰুদ্ধে খেলিছে। সাংবাদিকে ঘৰুৱা দলটোৰ বিপক্ষে খেলি কেনে লাগিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত কৃষ্ণই কয় যে নিজৰ ৰাজ্যৰ দলটোৰ বিপক্ষে খেলিব লগাটো সচাকৈ বেয়া লগা কথা কিন্তু মই যিহেতু অসম দলত স্থান নাপালো গতিকে আবেগক প্ৰশ্ৰয় নিদি নিজৰ বলিঙৰ ওপৰত মনোনিবেশ কৰিম। চলিত বৰ্ষত অসম ক্ৰিকেট সন্থাই কৃষ্ণ দাসক দলত স্থান নিদিলে, কৃষ্ণ দাসে সেয়েহে গোৱাৰ হৈ চলিত বৰ্ষত ৰঞ্জী ট্ৰফীত ভাগ লৈছে। আজিৰ দিনটোত বৰপেটাৰ দুই বেগী বলাৰ কৃষ্ণ দাস আৰু অৰুপ দাসে নিজ নিজ দলৰ হৈ সুন্দৰ প্ৰদৰ্শন ডাঙি ধৰিব সক্ষম হয়।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com