প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা চুৰি হৈছিল ৰাফেল চুক্তিৰ নথিপত্ৰ এই কথা জনালে চৰকাৰে উচ্চতম ন্যায়ালয়ক

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা চুৰি হৈছিল ৰাফেল চুক্তিৰ নথিপত্ৰ এই কথা জনালে চৰকাৰে উচ্চতম ন্যায়ালয়ক

উচ্চতম ন্যায়ালয়ে ৰাফেল চুক্তি গোচৰৰ শুনানি ১৪ মাৰ্চলৈকে স্থগিত ৰাখে। । চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাই যে ৰাফেল জেটৰ চুক্তিৰ নথিপত্ৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা চুৰি হৈছিল । ৰাফেল চুক্তিৰ নথিপত্ৰ সমুহ ৰখা ব্যক্তি ৰ ওপৰত অফিচিয়েল চিক্ৰেট এক্টৰ অধিনৰ দোষী সাব্যস্ত কৰিব লাগে বুলি এটৰনী জেনেৰেল কে কে বেনুগোপালে প্ৰকাশ কৰে । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ সহ ৩ জনীয়া বিচাৰপীঠৰ আগত এই তথ্য প্ৰকাশ কৰে ।

ৰাফেল জেট গোচৰৰ সন্দৰ্ভত শুনানি আজিৰে পৰা পুনৰ আৰম্ভ হৈছে হৈছিল যদিও ৩ ঘন্টাজোৰা মাৰাথান শুনানিৰ পাছত উচ্চতম ন্যায়ালয়ে ৰাফেল চুক্তি গোচৰৰ শুনানি ১৪ মাৰ্চলৈকে স্থগিত ৰাখে। চুৰিৰ ভিত্তিত দাখিল কৰা তথ্য নাকচ কৰিবলৈ কৈছে কেন্দ্ৰই। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী য়েচৱান্ত সিংহা, অৰুণ চুৰী আৰু ন্যায়াধীশ প্ৰশান্ত ভূষনে যুতিয়া ভাবে আবেদন দাখিল কৰিছিল ।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী য়েচৱান্ত সিংহা, অৰুণ চুৰী আৰু অধিবক্তা প্ৰশান্ত ভূষনে যুতিয়া ভাবে আবেদন দাখিল কৰিছিল বিমান ক্ৰয়ৰ ৰাফেল চুক্তি ৰ সন্দৰ্ভত । এপেক্স কোৰ্টেত ৰাফেল চুক্তি শুনানি চলি থকাৰ সময়ত কেন্দ্ৰই আবশ্যকীয় নথিপত্ৰ সমুহৰ গোপনে ৰাখিছিল। এটৰনী জেনেৰেল কে কে বেনুগোলালে আগবঢ়োৱা তথ্যত বিৰোধিতা কৰা পৰিলক্ষিত হয়|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com