Begin typing your search above and press return to search.

৩৩ বছৰত ১.১৭ লাখ লোকক বিদেশী ঘোষণা বিদেশী ন্যায়াধীশকৰনৰ

৩৩ বছৰত ১.১৭ লাখ লোকক বিদেশী ঘোষণা বিদেশী ন্যায়াধীশকৰনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 July 2019 6:22 AM GMT

৩৩ বছৰত অসমত বিদেশী ন্যায়াধীশকৰনে ১.১৭ লাখ লোকক বিদেশী বুলি ঘোষণা কৰিছে । মন্ত্ৰী জি কৃষ্ণা ৰেড্ডীয়ে শেহতীয়াকৈ এই তথ্য দাখিল কৰিছে সংসদত। বিদেশী ন্যায়াধীশকৰনে নিষ্পত্তি কৰা গোচৰ সমূহ মাহৰ পিছত মাহ আৰু ন্যায়াধীশকৰনৰ পৰা ন্যায়াধীশকৰনলৈ পৰিবৰ্তন হৈ থাকে ।

বিদেশী ন্যায়াধীশকৰন সমুহ , বিদেশী ন্যায়াধীশকৰন ১৯৬৪ ৰ আদেশ অনুসৰি চলে। ২০১৪ চনৰ ১৭ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত বিদেশী ন্যায়াধীশকৰন কাম কাজ সমূহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা গঠিত বিশেষ গোটে লক্ষ্য কৰি আছে বুলি ৰেড্ডীয়ে প্ৰকাশ কৰে।

যিসকল ব্যক্তিয়ে বিদেশী ন্যায়াধীশকৰনৰ ৰায়ত সন্তুষ্ট নহয় তেওঁলোকে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰে । এই পক্ৰিয়া এই বৈধ পক্ৰিয়া , য'ত নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ সকলোৰে অধিকাৰ আছে বুলিও কয় ৰেড্ডীয়ে ।

৬ খন জিলাৰ মুখ্য কাৰ্যালয়ৰ অধিনত ৰাজ্যত ২০০ খন বিদেশী ন্যায়াধীশকৰনৰ স্থাপন কৰা হব । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ কৰাৰ পিছত সৃষ্টি হব লগা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত ২০০ খন বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা হব। গুৱাহাটী , যোৰহাট , শিলচৰ , নগাঁও, বঙাইগাঁও আৰু তেজপুৰত স্থাপন কৰা হব । ৩১ জুলাইত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ কৰাৰ এমাহৰ পিছত এই বিদেশী ন্যায়াধীশকৰন সমুহ কাৰ্যক্ষম কৰা হব । অনুমোদন জনোৱা ৪০০ খন বিদেশী ন্যায়াধীশকৰনৰ ২০০ খন প্ৰথম পৰ্যায়ত অনুমোদন জনোৱা হব।

গৃহ আৰু ৰাজনৈতিক বিভাগে ইতিমধ্যে জিলাৰ জিলা উপায়ুক্ত সমূহলৈ বিদেশী ন্যায়াধীশকৰন স্থাপনৰ বাবে উপযুক্ত স্থান বিচাৰিবলৈ প্ৰত্ৰ প্ৰেৰণ কৰিছে । ইমান কম সময়ৰ ভিতৰতে ৰাজ্যৰ প্ৰত্যেক খন জিলাতে বিদেশী ন্যায়াধীশকৰন স্থাপন কৰাটো সম্ভৱপৰ নহয় , সেয়েহে প্ৰথম পৰ্যায়ত ৬ খন জিলাত বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা হব ।অসমৰ ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ সময় সীমা বৃদ্ধি কৰাৰ পৰিবৰ্তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমত ৪০০ খন অধিক বিদেশী ন্যায়াধীশকৰন স্থাপনৰ অনুমোদন জনাইছিল।৪০০ খন বিদেশী ন্যায়াধীশকৰনৰ সৈতে অসমত মুঠ বিদেশী ন্যায়াধীশকৰন হব ৫০০ খন । বৰ্তমান অসমত ৩৬ খন স্থায়ী বিদেশী ন্যায়াধীশকৰন আৰু ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন আছে।

৩৩ বছৰত অসমত বিদেশী ন্যায়াধীশকৰনে ১.১৭ লাখ লোকক বিদেশী বুলি ঘোষণা কৰিছে । মন্ত্ৰী জি কৃষ্ণা ৰেড্ডীয়ে শেহতীয়াকৈ এই তথ্য দাখিল কৰিছে সংসদত।

অন্য খবৰৰ বাবে পঢ়ক : গুৱাহাটী উচ্চ ন্যায়ালয়ে ১২ গোচৰৰ শুনানিৰ ক্ষেত্ৰত বিদেশী ন্যায়াধীশকৰনৰ সিদ্ধান্ত বাতিল

Next Story
চাকৰি