১০০ দিনৰ ভিতৰত পৰিষ্কাৰ হ'ব লাগিব ডিব্ৰুগড় চহৰ

১০০ দিনৰ ভিতৰত পৰিষ্কাৰ হ'ব লাগিব ডিব্ৰুগড় চহৰ ।ডিব্ৰুগড় জিলাৰ জিলা উপায়ুক্ত বল্লভ গোপাল জাহে বুধবাৰে ডিব্ৰুগড় নগৰপালিকা বোৰ্ডৰ নিৰ্দেশ দিয়ে যে নগৰপালিকাৰ অন্তৰ্গত সকলো অঞ্চল পুৱা ৬ বজাৰ আগতে পৰিষ্কাৰ কৰিব লাগিব । ডিব্ৰুগড় নগৰপালিকা বোৰ্ডৰ উপ অধ্যক্ষ, ৱাৰ্ড আয়ুক্ত , ডিব্ৰুগড় নগৰপালিকা বোৰ্ডৰ বিষয় ববীয়া আৰু জিলা উপায়ুক্তৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত জিলা উপায়ুক্ত গৰাকীয়ে কিছুমান সমস্যা সমাধানৰ বাবে নিৰ্দেশ দিয়ে । সেই সমস্যা সমূ্হৰ ভিতৰত কামৰ বিতৰন , আন কিছুমান পৰিবহন সম্বন্ধীয় সমস্যা সমূহ ১৭ অক্টোবৰ তাৰিখৰ ভিতৰত সমাধান কৰা , আৰু চহৰ খনৰ পৰিষ্কাৰ ১৮ অক্টোবৰ পুৱা ৬ বজাৰ আগতে আৰম্ভ কৰা । লগতে তেওঁ ২০ দিনৰ সময় সীমা বান্ধি দিয়ে । এই সময় সীমাৰ ভিতৰত নগৰ পালিকাৰ অন্তৰ্গত অঞ্চল সমূহৰ জাবৰ প্ৰতিদিনেই সংগ্ৰহ কৰিব লাগিব ।
ডিব্ৰুগড় নগৰপালিকা বোৰ্ডে প্ৰস্তুত কৰা হিচাপত ঘৰে ঘৰে জাবৰ জোথৰ সংগ্ৰহ কৰা পদ্ধতিৰ বাবদ খৰচ হ'ব ১৩ লাখ টকা । জিলা উপায়ুক্ত গৰাকীয়ে অতিৰিক্ত জিলা উপায়ুক্ত , ডিব্ৰুগড় নগৰপালিকা বোৰ্ডৰ কাৰ্যবাহী বিষয়া ৰঞ্জিত কনোৱাৰক শ্ৰমিকৰ লগতে বাহন , যন্ত্ৰ পাতিৰ লগতে আন প্ৰয়োজনীয় বস্তু সমূহৰ মূল্য নিৰ্নয় কৰিবলৈ নিৰ্দেশ দিয়ে । প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় পূজি ইতিমধ্যে ডিব্ৰুগড় নগৰপালিকা বোৰ্ডত উপলব্ধ আছে ।
জাহাই ডিব্ৰুগড় নগৰপালিকা বোৰ্ডৰ হিচাপৰক্ষকক বৃহস্পতিবাৰ সন্ধিয়া ৬ বজাৰ ভিতৰত আবন্তন কৰা পূজিৰ হিচাপ দিবলৈ নিৰ্দেশ দিয়ে । এই বৈঠকত জাহাই ১০০ দিনৰ এক সময় সীমা বান্ধি দিছে । এই ১০০ দিনৰ ভিতৰত ডিব্ৰুগড় নগৰপালিকা বোৰ্ডক চহৰখন পৰিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিয়ে ।
Also Read: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক
Also Watch: Does Candidates from other states dominating Railway Jobs in the Northeast?