Begin typing your search above and press return to search.

কোৰোনা আতংক : দেশত কৰোনা পজিটিভৰ সংখ্যা ১৪,৩৭৮ লৈ বৃদ্ধি

কোৰোনা আতংক : দেশত কৰোনা পজিটিভৰ সংখ্যা ১৪,৩৭৮ লৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 April 2020 9:28 AM GMT

কোৰোনা আতংক : দেশত কৰোনা পজিটিভৰ সংখ্যা ১৪,৩৭৮ লৈ বৃদ্ধি । স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি বৰ্তমান সময়লৈকে ভাৰতবৰ্ষত কোৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীৰ সংখ্যা হয়গৈ ১৪,৩৭৮ জন । ইয়াৰ ভিতৰত ১১,৯০৬ জন লোকৰ দেহত এতিয়াও কোৰোনা ভাইৰাছৰ অৱস্থিতি আছে । তদুপৰি দেশত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৪৮০ জন ব্যক্তি। লগতে ১৯৯১ জন লোক সুস্থ হৈ উঠিছে ।

অসমত বৰ্তমানলৈ চিনাক্ত হোৱা ৩৫ জন ক’ৰ’না আক্ৰান্তৰ অধিকাংশ তথা ৩২ জনৰে সম্পৰ্ক আছে দিল্লীৰ নিজামুদ্দিনৰ দৰগাহত যোৱা মাহত অনুষ্ঠিত জামাতৰ সৈতে। এই ক’ৰ’না আক্ৰান্তসকলৰ মাজৰ এজনৰ ইতিমধ্যে মৃত্যু হৈছে। বৃহস্পতিবাৰে মৰিগাঁও জিলাত দুজন ক’ৱিড আক্ৰান্ত চিনাক্ত কৰা হয়। লক্ষ্যণীয় যে এই লোক দুজনৰ সংস্পৰ্শলৈ অহাৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলাৰ স্বয়ং উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে।

অৱশ্যে ৰাজ্যৰ অধিকাংশ এই মহামাৰী আক্ৰান্ত সুস্থ হৈছে। ইতিমধ্যে চাৰিজনক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। ইয়াৰে দুজন গোৱালপাৰাত চিকিত্সাধীন হৈ আছিল। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োকে সাক্ষাত কৰে। আনহাতে, স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে সম্প্ৰতি চিকিত্সাধীন হৈ থকা অধিকাংশ ক’ৰ’না ৰোগীক অহা ২০ এপ্ৰিলৰ ভিতৰত চিকিতসালয়ৰ পৰা যাবলৈ দিয়া হব পাৰে। কাৰণ এইসকল ক্ৰমাত্ সুস্থ হৈ উঠিছে।

অন্য খবৰৰ বাবে পঢ়ক:ল’ক-ডাউনৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰাস্বামীৰ পুত্ৰৰ ৰাজকীয় বিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি