Begin typing your search above and press return to search.

পুণেত ধাৰাষাৰ বৰষুণৰ ফলতে অট্টালিকাৰ দেৱাল খহি পৰাৰ ফলত মৃত্যু ১৭ জন লোকৰ

পুণেত ধাৰাষাৰ বৰষুণৰ ফলতে অট্টালিকাৰ দেৱাল খহি পৰাৰ ফলত মৃত্যু ১৭ জন লোকৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jun 2019 10:35 AM GMT

ধাৰাষাৰ বৰষুণৰ ফলতে পুণেত ভয়াবহ ঘটনা সংঘটিত হৈছে । ৬০ ফুট দেৱাল খহি পৰাৰ ফলত মৃত্যু হৈছে ১৭ জন লোকৰ । ১৭ জনৰ ভিতৰত ৪ টা শিশু আৰু এগৰাকী মহিলা বুলি প্ৰকাশ কৰিছে ।

শুকুৰবাৰে নিশা প্ৰায় ১.৪৫ বজাত এই ঘটনাটো সংঘটিত হয় । পুণে ৰ কন্ধৱা অঞ্চলৰ তালাব মছজিদৰ সমিপত এই ঘটনাটো সংঘটিত হয় । দেৱাল খনৰ সমিপতে শ্ৰমিক সকলে কাম কৰি আছিল ।

ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে । এন ডি আৰ এফে উদ্ধাৰ অভিযান চলাই আবদ্ধ হৈ থকা লোক সকলক উদ্ধাৰ কৰে ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে, বৰ্তমানলৈকে ৩ জন আহত হৈছে আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । উদ্ধাৰ কৰা লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

এটা আবাসিক এলেকাৰ অট্টালিকাৰ দেৱাল আছিল ।এই দেৱাল খন খহি পৰাৰ ফলতে এই ভয়াবহ ঘটনাটো সংঘটিত হৈছে ।

পুণেৰ জিলা সংগ্ৰাহক নাবাল কিশোৰে প্ৰকাশ কৰে যে, "ধাৰাষাৰ বৰষুণ হৈ থকাৰ ফলতে দেৱাল খন খহি পৰে । নিৰ্মানকাৰী কোম্পানীৰ অবহেলাৰ কথা এই ঘটনাৰ পাছতে পোহৰলৈ আহিছে । ১৫ জন লোকৰ মৃত্যু কোনো সৰু কথা নহয় । মৃত্যু হোৱা লোক সকলৰ বেছি ভাগে বিহাৰ আৰু বংগৰ শ্ৰমিক বুলি প্ৰকাশ কৰিছে । ক্ষতিগ্ৰস্থ লোকক সকলক চৰকাৰে সহায় কৰিব বুলি প্ৰকাশ কৰে । "

নিৰ্মাণকাৰী কোম্পানীক এই ঘটনাৰ বাবে দোষাৰোপ কৰিছে । অনুসন্ধানৰ পিছত দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হব বুলি প্ৰকাশ কৰে ।বৰ্তমানলৈকে কি কাৰণে এনে এক দুৰ্ঘটনা সংঘটিত হ’ল তাৰ প্ৰকৃত তথ্য লাভ কৰা নাই যদিও, চহৰখনত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ’ল বুলি অনুমান কৰা হৈছে।প্ৰায় ৬০ ফুটৰ দেৱালখন খহি পৰাৰ ফলত হঠাৎ হাহাকাৰ লাগে উপস্থিত লোকসকলৰ মাজত। ৬০ ফুট দেৱাল খহি পৰাৰ ফলত মৃত্যু হৈছে ১৭ জন লোকৰ । ১৭ জনৰ ভিতৰত ৪ টা শিশু আৰু এগৰাকী মহিলা বুলি প্ৰকাশ কৰিছে । সংবাদমাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি অট্টালিকাৰ দেৱালখন নিৰ্মীয়মান অৱস্থাত আছিল। ঘটনা সন্দৰ্ভত এতিয়া তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।ঘটনাস্থলীত এতিয়াও NDRF ৰ দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

অন্য খবৰৰ বাবে পঢ়ক: এজাক বৰষুণতে গুৱাহাটীত কৃটিম বানপানী : তীব্ৰ যান-জঁট গুৱাহাটীৰ বিভিন্ন পথত

Next Story
চাকৰি