2.0 ৰ বক্স অফিচ উপাৰ্জনে চেৰ পেলাইছে বাহুবলী 2 ক

2.0 ৰ বক্স অফিচ উপাৰ্জনে চেৰ পেলাইছে বাহুবলী 2 ক
Published on

সদ্য মুক্তি লাভ কৰা ছবি 2.0 য়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৷ বৃহস্পতিবাৰে মুক্তি লাভ কৰা 2.0 ছবিখন তিনিটা ভাষালৈ অনুদিত হৈছে ৷ কিন্তু ইয়াৰে হিন্দী ভাষাৰ 2.0 য়ে বিগত তিনি দিনত উপাৰ্জন কৰিছে 63.25 কোটি ৷ এই কথা টুইটাৰ যোগে প্ৰকাশ কৰিছে ট্ৰেড এনালিষ্ট তৰুণ আদৰ্শই ৷

ট্ৰেড এনালিষ্ট তৰুণ আদৰ্শৰ ভাষ্য অনুসৰি বৃহস্পতিবাৰৰ তুলনাত 2.0 ছবিখনে প্ৰায় 23.46 শতাংশ উপাৰ্জন কৰিছে ৷ 2.0 ছবিখন মুক্তি লাভ কৰা তৃতীয় দিনা নেট বক্স অফিচ কালেক্সচন (NBOC)প্ৰায় ৫৫ কোটি টকা ৷অন্যহাতে গ্ৰাচ বক্স অফিচ কালেক্সচন(GBOC) প্ৰায় ৭০ কোটি টকা৷ নিৰ্দেশক শংকৰৰ 2.0 ছবিখন হিন্দী,তামিল আৰু তেলেগু তিনিটা ভাষালৈ অনুদৃত হৈছে৷ লগতে বিগত তিনি দিনত NBOCয়ে উপাৰ্জন কৰিছে প্ৰায় ১৬৭ কোটি টকা আৰু GBOC য়ে উপাৰ্জন কৰিছে প্ৰায় ২১২.৫০ কোটি টকা ৷

বলীউডৰ অক্কী অৰ্থাৎ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ আৰু দক্ষিনৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তৰ সাৱলীল অভিনয়ৰে 2.0 ছবিখনৰ বাজেট আছিল ৫৪৩ কোটি টকা৷ মন কৰিব লগীয়া যে,2.0 ছবিখনে মুক্তিৰ প্ৰাকমুহূৰ্ততে ৪৯০ কোটি টকা উপাৰ্জন কৰিছে ৷ উল্লেখ্য যে,2.0 জনপ্ৰিয়তাই মুক্তিৰ আগতেই দক্ষিনৰ জনপ্ৰিয়তা অভিনেতা প্ৰভাসৰ "বাহুবলী-2"কো চেৰ পেলাইছে বুলি গুজব চলিছে বি টাউনত ৷

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com