আঠখন জিলাত হ’ব ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ

আঠখন জিলাত হ’ব ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ

আঠখন জিলাত হ’ব ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ ৷ ৰাজ্য চৰকাৰে সম্প্ৰতি ৮ খন জিলাত ২০০ টা অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে পূৰ্বতে বিদেশী ন্যায়াধীকৰণৰ সংখ্যা ৮ টাৰ পৰিৱৰ্তে আছিল ৬ টা ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা পোৱা এখন বিশেষ অধিসূচনাৰ পিছত গৃহ আৰু ৰাজনৈতিক বিভাগে বিদেশী ন্যায়াধীকৰণত সদস্য ভৰ্তি কৰিবলৈ আৰম্ভ কৰিব ।

ইফালে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত বিদেশী ন্যায়াধীকৰণৰ যাৱতীয় কাম হ’ব ৷ আনহাতে ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ কাম আৰম্ভ হোৱাৰ পিছত ইয়াৰ সংখ্যা হ’বগৈ ৩০০ টা ৷এক বিশেষ সূত্ৰই দ্য চেন্টিনেলৰ আগত কোৱা অনুসৰি উচ্চ ন্যায়ালয়ে লোকসকলৰ সাক্ষাৎকাৰৰ পিছত অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ কাৰণে ২২৭ জন সদস্যৰ নাম অন্তৰ্ভূতি হৈ আছে ৷

ইয়াৰে ৫০ জন লোকৰ নাম সম্প্ৰতি অন্তৰ্ভূক্তি কৰা নাই। ইয়াৰ মাজতে গৃহ আৰু ৰাজনৈতিক বিভাগে এই সমগ্ৰ বিষয় নিৰীক্ষণ কৰি আছে। প্ৰত্যেক বিদেশী ন্যায়াধীকৰণৰ অতি কমেও ১০ জন কৰ্মচাৰী থাকিব। অসম আৰক্ষীৰ বিদেশী ন্যায়াধীকৰণত নতুন নিযুক্তি কাৰণে ২০০০ কৰ্মীৰ ব্যৱস্থা কৰিছে ৷ আনহাতে সদস্য ভৰ্তিকৰণ সময় এবছৰ যদিও অনাগত দিনত এই সময় সীমা বৃদ্ধি কৰিব পাৰে আৰু সদস্যৰ বয়সৰ সীমা ৬৭ বছৰ হ’ব লাগিব ৷

অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ আঠখন জিলাৰ ভিতৰত কামৰূপত অতিৰিক্ত ৬৭ বিদেশী ন্যায়াধীকৰণ স্থাপন হ’ব ৷ গুৱাহাটীত অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন হ’ব বৰাগাঁও আৰু আজৰা ৷ অন্যান্য বিদেশী ন্যায়াধীকৰণৰ ভিতৰত ৩৯ টা অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ হ’ব নগাঁৱত, যোৰহাটত ৩১,তেজপুৰত ২১,শিলচৰত ২০,ধুবুৰীত ১০ টা,কোকৰাঝাৰত ৭,বঙাইগাঁৱত পাঁচটা ৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত সূচী প্ৰকাশৰ পিছত অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ ৷ বৰ্তমান অসমত বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে আছে ১০০ টা বিদেশী ন্যায়াধীকৰণ ৷এনআৰচিৰ প্ৰকাশৰ পিছত এনে ধৰণৰ বিষয়ৰ লগত মোকামিলা কৰিবৰ কাৰণে অসম চৰকাৰে ১০০০ অতিৰিক্ত এফটী স্থাপন কৰিবৰ কাৰণি গৃহ মন্ত্ৰ্যালয়ক স্থানান্তৰিত কৰিছিল।

ইফালে বৰ্তমান অসমত ১৬৪ টা চিএপিএফ কম্পনী আছে ৷ আনহাতে চিএপিএফ কম্পনীৰ সংখ্যা ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত এনআৰচিৰ সময়ত বহুত আছিল ৷সেই সময়ত চিএপিএফৰ সংখ্যা আছিল ২০৯ টা ৷গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সূত্ৰৰ মন্তব্য যে ২০১৮ চনৰ ৩০ জুলাইত পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছিল ৷ আৰু সাম্প্ৰতিক সময়তো চৰকাৰে এনআৰচিৰ কাৰণে সুৰক্ষা কটকটীয়া ব্যৱস্থা কৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Wild elephant creates havoc in Nagaon town | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com