Begin typing your search above and press return to search.

ধাৰাষাৰ বৰষুণৰ ফলত বজালীৰ ২০৭ বছৰীয়া বটগছ কালদিয়া নদীৰ বানৰ কৱলত

ধাৰাষাৰ বৰষুণৰ ফলত বজালীৰ ২০৭ বছৰীয়া বটগছ কালদিয়া নদীৰ বানৰ কৱলত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jun 2019 11:27 AM GMT

অসমৰ বজালীৰ জালিখাটা গাঁওত থকা ২০৭ বছৰীয়া বটগছ জোপা এছিয়া মহাদেশৰ ভিতৰতে সৰ্বোচ্চ আয়ুসৰ গছ হিচাপে পৰিগণিত হৈছে। এই দীৰ্ঘতম আয়ুসৰ বটগছ জোপা বৰ্তমান কালদিয়া নদীৰ বানৰ কৱলত । ৰাজ্যত শেহতীয়াকৈ হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলতে বানপানীৰ কবলত এই ঐতিহাসিক গছ জোপা । বৰষুণৰ ফলতে কালদিয়া নদীয়ে কাষৰীয়া অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে । কালদিয়া নদীৰ বানে জালিখাতাৰ ২০৭ বছৰীয়া বটগছৰ সমীপত থকা ঐতিহাসিক কালিবাৰি থানতো বানৰ তাণ্ডব ।

কালদিয়া নদীৰ বান কাষৰীয়া অঞ্চললৈ বৈ অহাৰ লগতে কালিবাৰি শিৱ থানৰ লগতে শিৱ মন্দিৰত বানপানীয়ে ধোৱাই নিয়ে । কালদিয়া নদীৰ বানে এতিয়া ঐতিহাসিক ২০৭ বছৰীয়া বটগছ জোপালৈ ভাবুকি কঢ়িয়াই আনিছে ।

জনসাধাৰণে বহু বাৰ এই দীৰ্ঘতম আয়ুসৰ বটগছ জোপা বানপানীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনাই আহিছে । কিন্তু উপযুক্ত ব্যৱস্থাৰ অভাৱত বটগছ জোপালৈ ভাবুকি কঢ়িয়াই আনিছে বানে।

স্থানীয় লোকে প্ৰকাশ কৰিছে যে, এই গছজোপা এছিয়া দীৰ্ঘতম আয়ুসৰ গছ আৰু গছজোপাৰ শিৰা-উপশিৰায়ে প্ৰায় ৫ বিঘা ভুমি আগুৰি আছে । লগতে এই গছজোপাৰ উচ্চতা হৈছে ১৫৫ মিটাৰ । এই গছজোপা পৰিদৰ্শন কাৰী সকলৰ বাবে এক বিশেষ আকৰ্ষণ । বিশেষকৈ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী সকলৰ প্ৰজেক্টৰ বাবে পৰিদৰ্শন কৰিবলৈ যায় । ২০১২ চনৰ পৰা বিশ্ব পৰিবেশ দিৱসৰ দিনা ২০৭ বছৰীয়া বটগছ জোপাৰ জন্ম দিন হিচাপে পালন কৰি আহিছে ।বিশ্ব পৰিবেশ দিৱসৰ দিনা প্ৰকৃতি প্ৰেমী সকলে ২০৭ সংখ্যাক জন্মদিন পালন কৰিছে ।

বন আৰু পৰিবেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দা খাটনিয়াৰে কয় যে, ইতিমধ্যে তেওঁ জিলা উপায়ুক্তক এই বিষয়ে জাননী প্ৰেৰণ কৰিছে । আৰু যিকোনো পৰিস্থিতিতে ২০৭ বছৰীয়া বটগছ জোপাৰ সুৰক্ষা প্ৰদান কৰিবলৈ গৰাখহনীয়া ৰোধৰ ব্যবস্থা কৰিবলৈ কোৱা হৈছে বুলি প্ৰকাশ কৰে ।

" এই বটগছ জোপা অতি পুৰণি গছ। গছ জোপা সংৰক্ষণৰ ক্ষেত্ৰতে কেৱল গুৰুত্বপূৰ্ণ নহয় ই জনমানসৰ এক পৰম্পৰাগত বিশ্বাসো । সেয়েহে বিভাগীয় কতৃপক্ষয়ে গছজোপা সংৰক্ষণৰ ক্ষেত্ৰত উচিত ব্যৱহাৰ গ্ৰহণ কৰিব লাগে " বুলি প্ৰকাশ কৰে স্থানীয় লোকে ।জনসাধাৰণে বহু বাৰ এই দীৰ্ঘতম আয়ুসৰ বটগছ জোপা বানপানীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনাই আহিছে । কিন্তু উপযুক্ত ব্যৱস্থাৰ অভাৱত বটগছ জোপালৈ ভাবুকি কঢ়িয়াই আনিছে বানে।

অন্য খবৰৰ বাবে পঢ়ক:নেপালত ধুমুহা বৰষুণৰ তাণ্ডৱ : ২৫ জনৰ মৃত্যু, ৪০০ আহত

Next Story
চাকৰি