ক’ৰ’না মহামাৰীত আক্ৰান্ত ভাৰতীয় নৌ সেনাৰ ২১বিষয়া-জোৱান

ক’ৰ’না মহামাৰীত আক্ৰান্ত ভাৰতীয় নৌ সেনাৰ ২১বিষয়া-জোৱান

ক’ৰ’না মহামাৰীত আক্ৰান্ত ভাৰতীয় নৌ সেনাৰ ২১বিষয়া-জোৱান

প্ৰতিৰক্ষা বাহিনীৰ বাবে আশংকাৰ বতৰা ।ভাৰতীয় নৌ সেনাৰ ২১জনকৈ বিষয়া-কৰ্মচাৰীৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছ। এই বিষয়া-কৰ্মীসকল নৌ সেনাৰ ৱেষ্টাৰ্ণ কমাণ্ডৰ মুম্বাইত কৰ্মৰত ৷ এই সম্পৰ্কত এজন বিষয়াই জনোৱা মতে , নৌ সেনাৰ এই বিষয়া-কৰ্মীসকল অলপতে কৱিড-১৯আক্ৰান্ত এজন নাৱিকৰ সংস্পৰ্শলৈ আহে ৷ তাৰ পাছতে এই ২১নৌ সেনা কৰ্মী-বিষয়াক পৰীক্ষা কৰোৱাবলৈ উৰ্ধতন কৰ্তৃপক্ষই পৰামৰ্শ দিয়ে ৷ পৰীক্ষাত তেওঁলোকৰ শৰীৰত ক’ৰ’না ভাইৰাছ ধৰা পৰে ৷ এই নৌ-সেনা বিষয়া-কৰ্মীকেইজনৰ মাজত এজন নাৱিকো আছে ৷ সম্প্ৰতি আটাইকেইজন চিকিৎসাধীন হৈ আছে ৷ আনহাতে, দেশত ক’ৰ’না ভাইৰাছৰ দ্বাৰা ১১হেজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ৷ তদুপৰি চাৰি শতাধিক লোক মৃত্যুমুখত পৰিছে ৷ এনে জটিল পৰিস্থিতিত দেশত অহা তিনি মে’লৈকে তলাবন্ধ বা ল’ক-ডাউন বাহাল ৰখা হৈছে ৷ অহা ২০এপ্ৰিললৈকে এই ল’ক-ডাউনৰ নীতি-নিয়ম কঠোৰভাবে বলৱৎ কৰা হৈছে ৷ ২০এপ্ৰিলৰ পাছত পৰিস্থিতি পুনৰীক্ষণ কৰি কেন্দ্ৰই কিছু কিছু ক্ষেত্ৰত ল’ক-ডাউনৰ নীতি-নিয়ম শিথিল কৰাৰ সম্ভাৱনা আছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com