ক’ৱিড-১৯ মহামাৰীঃ পুনৰ অনিশ্চয়তাত বিদেশী ন্যায়াধিকৰণৰ ২২১ সদস্য নিয়োগৰ প্ৰক্ৰিয়া

ক’ৱিড-১৯ মহামাৰীঃ পুনৰ অনিশ্চয়তাত বিদেশী ন্যায়াধিকৰণৰ ২২১ সদস্য নিয়োগৰ প্ৰক্ৰিয়া

ক’ৱিড-১৯ মহামাৰীঃ পুনৰ অনিশ্চয়তাত বিদেশী ন্যায়াধিকৰণৰ ২২১ সদস্য নিয়োগৰ প্ৰক্ৰিয়া

পুনৰ অনিশ্চয়তাত সোমাল ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণসমূহত সদস্য নিয়োগৰ প্ৰক্ৰিয়া। এইবাৰ ক’ৱিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰক্ৰিয়াটোক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। উল্লেখ্য যে বিদেশী ন্যায়াধিকৰণসমূহৰ ২২১ সদস্যক যোৱা বছৰ অসম চৰকাৰে নিযুক্তি দিয়ে। আৰম্ভণীতে তেওঁলোকক এবছৰৰ বাবে নিযুক্তি দিয়া হয়। সেই অনুসৰি এই সদস্যসকলে ২০১৯ৰ ১১ ছেপ্টেম্বৰৰ পৰা দৰমহা লাভ কৰিছে। কিন্তু তেওঁলোকক কোনো বিদেশী ন্যায়াধিকৰণত নিয়োজিত কৰা নাই চৰকাৰে। বৰ্তমানলৈকে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এই সদস্যবৰ্গক কৰ্মস্থলীত নিয়োগ কৰা নাই।

সম্প্ৰতি ক’ৱিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাবৰ বাবে প্ৰক্ৰিয়াটো অধিক পলম হোৱাৰ আশংকাই দেখা দিছে। কাৰণ এই মহামাৰী প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে তলাবন্ধ (লক-ডাউন)দীঘলীয়া কৰিছে। উল্লেখ্য যে এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা ব্যক্তিৰ আবেদন নিষ্পত্তিৰ উদ্দেশ্য ৰাজ্যত অতিৰিক্ত বিদেশী ন্যায়াধিকৰণ স্থাপন কৰা হৈছে। এই অতিৰিক্ত ন্যায়াধিকৰণসমূহতে এই ২২১ সদস্যক চৰকাৰে নিযুক্তি দিয়ে। ৰাজ্যত পূৰ্বৰে পৰা ছখন বিদেশী ন্যায়াধিকৰণ আছে। একেদৰে পুনৰ অনিশ্চয়তাত সোমাই পৰিছে এন আৰ চিৰ নাকচ জাননী বিতৰণ প্ৰক্ৰিয়া ৷

এইবাৰ ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে প্ৰক্ৰিয়াটো অনিশ্চিত হৈ পৰিছে ৷ এই সম্পৰ্কত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেব শৰ্মাই যোৱা মাহত প্ৰকাশ কৰিছিল যে ২৯মাৰ্চৰ পৰা এনে জাননী বিতৰণৰ আঁচনি পূৰ্বে লোৱা হৈছিল ৷ কিন্তু ক"ৰ"না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে ৷ উল্লেখ্য যে অসম বিধানসভাৰ এইবাৰৰ বাজেট অধিৱেশনৰ প্ৰথমদিনা সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সোধা এক প্ৰশ্নৰ উত্তৰ দি জনাইছিল যে এই নাকচ নিৰ্দেশনা জাৰিৰ কাম ২০ মাৰ্চৰ পৰা এন আৰ চি কৰ্তৃপক্ষই আৰম্ভ কৰিব। ইতিমধ্যে ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছিল বুলিও সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

তেওঁ কয় যে এই নাকচ নিৰ্দেশনা যোৱা বছৰৰ ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাসকললৈ জাৰি কৰা হ’ব। এই নাকচ নিৰ্দেশনাৰ জড়িয়তে এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ সংশ্লিষ্ট ব্যক্তিজনক অৱগত কৰা হ’ব। এই নিৰ্দেশনা পোৱাৰ ১২০ দিনৰ ভিতৰত এনে এজন ব্যক্তি বিদেশী ন্যায়াধিকৰণৰ দ্বাৰস্থ হ’ব লাগিব। সেই অনুসৰি বিদেশী ন্যায়াধিকৰণে এনে এজন ব্যক্তি বিদেশী নে ভাৰতীয় নাগৰিক সেয়া ঠাৱৰ কৰিব। তদুপৰি চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে অযোগ্য বিবেচিত এজন ব্যক্তি এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে যোগ্য নেকি তাৰো বিচাৰ বিদেশী ন্যায়াধিকৰণে কৰিব।

উল্লেখ্য যে চূড়ান্ত এন আৰ চিত ১৯ লক্ষাধিক লোকৰ নাম বাদ পৰে। আনহাতে, চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাসকলে কি কৰিব লাগিব তাক লৈ এক অনিশ্চয়তাৰ সৃষ্টি হৈ আছিল ৷ ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাবৰ বাবে সম্প্ৰতি প্ৰক্ৰিয়াটোক লৈ পুনৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ এই জাননী বিতৰণৰ সময়ত ৰাইজক অৱগত কৰা হ’ব বুলি এন আৰ চি সমন্বয়ক শৰ্মাই সদৰী কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com