Begin typing your search above and press return to search.

ৰাজ্যত ধুমুহা আৰু বজ্ৰপাতৰ ফলত বৰ্তমানলৈকে ২৩ জনৰ মৃত্যু

ৰাজ্যত ধুমুহা আৰু বজ্ৰপাতৰ ফলত বৰ্তমানলৈকে ২৩ জনৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 May 2019 7:15 AM GMT

শেহতীয়াকৈ ৰাজ্যত হোৱা ধুমুহা আৰু বজ্ৰপাতৰ ফলত বৰ্তমানলৈকে ২৩ গৰাকী লোক নিহত হৈছে । ২৩ গৰাকী লোকৰ ১০ গৰাকী লোক ধুমুহাৰ ফলত নিহত হোৱাৰ লগতে ১৩ গৰাকী ব্ৰজপাতত নিহত হৈছে । চলিত বৰ্ষত ১৮ খন জিলাৰ প্ৰায় ২২,৮০১ পৰিয়ালৰ লোক ক্ষতিগ্ৰস্থ হৈছে প্ৰাকৃতিক দুৰ্যোগৰ ফলত বুলি বিষয়া য়ে প্ৰকাশ কৰে । ১৮ খন জিলাৰ ভিতৰত গোলাঘাট, শিৱসাগৰ, ধুবুৰী, শোণিতপুৰ আৰু কাছাৰত অধিক ক্ষতিগ্ৰস্থ হৈছে।

ৰাজ্য চৰকাৰে জিলা উপায়ুক্তক ৪৮ ঘন্টাৰ ভিতৰত মৃতকৰ পৰিয়ালক ৪ লাখ টকাকৈ সাহাৰ্য্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে । লগতে জিলা উপায়ুক্তক ক্ষতিগ্ৰস্থ হোৱা ঠাই সমূহত ব্যবস্থা গ্ৰহণ কৰিবলৈ আৰু সম্পত্তি ক্ষতি , লগতে যি সমূহ বাসগৃহ ধ্বংস হৈছে সেই সমুহৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ধুমুহা আৰু বজ্ৰপাতৰ সময়ত লব সাবধানৰ ওপৰত লোকসকলৰ মাজত বহুতো সজাগতাৰ আয়োজন কৰিছে । জিলা পৰ্য্যায়ৰ দুৰ্যোগ প্ৰশমন ব্যবস্থাপনা বিভাগক নিৰ্দেশ দিয়া হৈছে। লগতে ধুমুহাৰ ফলত বাগৰি পৰা গছ সমূহ সোনকালে কাটি পথ সমূহ মোকলাই দিবলৈ নিৰ্দেশ দিয়ে ।

ধুমুহা-বৰষুণৰ ফলত সৃষ্টি হব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰ সতৰ্ক বুলি প্ৰকাশ কৰে সূত্ৰয়ে।

দেওবাৰে সন্ধিয়া অহা ঘূৰ্ণি বতাহৰ ফলত তিনিচুকীয়া জিলাৰ চৈখোৱা খণ্ডৰ অন্তগৰ্ত বিভিন্ন অঞ্চল দুটা শিশু নিহত হোৱাৰ লগতে বহুতো লোক আহত হৈছে ।দাঙগৰি, ঢলা ধাবুম, চৈখোৱা আৰু না বৰমুৰা ৪ টা পঞ্চায়ৰ ৪৫ খন গাঁওত ধুমুহায়ে ক্ষতি সাধন কৰে। প্ৰায় ১,২০৫ ঘৰ ধ্বংস হোৱাৰ লগতে বহুতো ক্ষতিসাধন হয় । বহুতো প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি পৰে|

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি