Begin typing your search above and press return to search.

ক’ৰ’নাৰ শেহতীয়া তথ্য : ৰাজ্যৰ পৰিস্থিতি জটিল, আক্ৰান্ত ২৬ জনলৈ বৃদ্ধি

ক’ৰ’নাৰ শেহতীয়া তথ্য : ৰাজ্যৰ পৰিস্থিতি জটিল, আক্ৰান্ত ২৬ জনলৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 April 2020 9:07 AM GMT

ক’ৰ’নাৰ শেহতীয়া তথ্য : ৰাজ্যৰ পৰিস্থিতি জটিল, আক্ৰান্ত ২৬ জনলৈ বৃদ্ধি । সমগ্ৰ বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ৰ’না মহামাৰীয়ে। অসমত পৰিস্থিতি অতি জটিল হৈছে। শেহতীয়া তথ্য অনুসৰি পজিটিভৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে।‌

উত্তৰ লখিমপুৰৰ পিছত এইবাৰ কাছাৰত এজন লোক এই মহামাৰীত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে। টুইটাৰ যোগে এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জানিব পৰা মতে, এই লোকজনো দক্ষিণ দিল্লীৰ নিজামুদ্দিন দৰগাহৰ শেহতীয়া অংশ ল’বলৈ গৈছিল।। উল্লেখ্য যে অসমত আক্ৰান্ত হোৱা ২৬ জন লোকৰ ২৫ জনে উক্ত জামাতত অংশ ল’বলৈ গৈছিল।

মন্ত্ৰী শৰ্মাই জনায় যে নিজামুদ্দিনৰ লগত জড়িত এতিয়ালৈকে ৮১২ জনৰ নমুনা পৰীক্ষা কৰা হৈছে। যাৰ ভিতৰত ২৪ জনৰ নমুনা পজিটিভ ওলাইছে আৰু ৩৬৩ জনৰ নিগেটিভ। তেওঁ জনোৱা অনুসৰি এতিয়াও ১৫২ জনৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন আহিবলৈ বাকী আছে।

শৰ্মাই টুইটাৰত কয় যে সমগ্ৰ ৰাজ্যত ১,৫২৯টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰে ২৬ জনৰ পজিটিভ উলাইছে আৰু ১,৩০৮ জনৰ নিগেটিভ। লগতে ১৯৬ জনৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন আহিবলৈ বাকী আছে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ক’ৰ’না পজিটিভৰ লোকসকল হ'ল গোলাঘাট, নলবাৰী, মৰিগাঁও, গোৱালপাৰা, কামৰূপ, গুৱাহাটী, কৰিমগঞ্জ, উত্তৰ লক্ষীমপুৰ আৰু দক্ষিণ শালমাৰাৰ ।

লগতে গুৱাহাটীৰ জো-ৰোডস্থিত স্পেনিছ গাৰ্ডেনৰ এগৰাকী ব্যক্তি এই মহামাৰীত আক্ৰান্ত হৈছে । তেওঁৰ পৰিয়ালৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে কোৱাৰেন্টাইনত ৰখা হৈছে। উল্লেখ্য যে ক’ৰ’না আক্ৰান্ত অসমৰ প্ৰথমজন ব্যক্তি ৩১ মাৰ্চত চিনাক্ত হয়।

অন্য খবৰৰ বাবে পঢ়ক : ক’ৰ’নাত আক্ৰান্ত নলবাৰীৰ ব্যক্তি উত্তৰ প্ৰদেশৰ বাসিন্দা

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি