Begin typing your search above and press return to search.

মানৱ শৰীৰত ক’ৰ’না ভাইৰাছৰ তিনিটা প্ৰতিষেধকৰ পৰীক্ষা চলি আছেঃ বিশ্ব স্বাস্থ্য সংস্থা

মানৱ শৰীৰত ক’ৰ’না ভাইৰাছৰ তিনিটা প্ৰতিষেধকৰ পৰীক্ষা চলি আছেঃ বিশ্ব স্বাস্থ্য সংস্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 April 2020 2:04 PM GMT

মানৱ শৰীৰত ক’ৰ’না ভাইৰাছৰ তিনিটা প্ৰতিষেধকৰ পৰীক্ষা চলি আছেঃ বিশ্ব স্বাস্থ্য সংস্থা

প্ৰায় সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না মহাব্যাধি নিয়ন্ত্ৰণৰ উদ্দেশ্য অহৰহ অধ্যয়ন-গৱেষণাত নিমগ্ন হৈছে বিশ্বৰ বিভিন্ন দেশৰ বহু চিকিৎসা বিজ্ঞানী ৷ শেহতীয়া তথ্য অনুসৰি ক’ৰ’না ভাইৰাছৰ তিনিটা প্ৰতিষেধকৰ মানৱ শৰীৰত পৰীক্ষা-নিৰীক্ষাৰ কাম চলি আছে ৷ বিশ্ব স্বাস্থ্য সংস্থা(হু)ৰ তথা অনুসৰি হংকঙৰ এটা, চীনৰ এটা আৰু আমেৰিকাৰ এটা গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীয়ে সুকীয়াকৈ ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক মানৱ শৰীৰত পৰীক্ষণৰ কাম কৰি আছে। হুৰ মতে, হংকঙৰ ক্যানছিনো বায়’লজিক্স ইনক, চীনৰ বেইজিং ইনষ্টিটিউট অৱ বায়’টেকনোলজী আৰু আমেৰিকাৰ ঔষধ উত্পাদক প্ৰতিষ্ঠান মডাৰ্ণা ইনক আৰু ইনোভিঅ ফাৰ্মাচিউটিকেলছ ইনক মানৱ শৰীৰত ক’ৰ’না ভাইৰাছৰ পৰীক্ষা-নিৰীক্ষাৰ সৈতে জড়িত হৈ আছে।ইয়াৰে বেইজিঙৰ প্ৰতিষ্ঠানে পৰীক্ষা-নিৰীক্ষাত দ্বিতীয়টো স্তৰত অৱতীৰ্ণ হৈছে। অচিৰেই পৰীক্ষা-নিৰীক্ষাত প্ৰতিষ্ঠানকেইটা সফল হব বুলি বিশ্ব স্বাস্থ্য সংস্থাই আশা প্ৰকাশ কৰিছে। আনহাতে, বিশ্বৰ আন কেতবোৰ প্ৰতিষ্ঠানেও ক’ৰ’না ভাইৰাছৰ ৭০ বিধ সম্ভাৱ্য প্ৰতিষেধকৰ পৰীক্ষা-নিৰীক্ষা চলাই আছে বুলি হুৱে প্ৰকাশ কৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ স্কুল অৱ লাইফ ছায়েন্সছৰ জীৱ-প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপিকা ডঃ সীমা মিশ্ৰই ঘোষণা কৰে যে তেওঁ ক’ৰ’না ভাইৰাছৰ সম্ভাৱ্য প্ৰতিষেধক উদ্বাৱন কৰিবলৈ সক্ষম হৈছে। তেওঁ এই প্ৰতিষেধকক টি-চেল এপিটপছৰূপে চিহ্নিত কৰিছে। এই প্ৰতিষেধকে ক’ৱিড ভাইৰাছৰ সকলো গাঁথনিগত আৰু অ-গাঁথনিগত প্ৰটিন ধ্বংস কৰিব পাৰে বুলিও ডঃ মিশ্ৰই দাবী কৰে।

অন্য খবৰৰ বাবে পঢ়ক: অসমত সৰ্বাধিকঃ উত্তৰ-পূবৰ সাত ৰাজ্যতে ওলাল ক’ৱিড-১৯আক্ৰান্ত

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি