Begin typing your search above and press return to search.

পূৰ্বৰ তুলনাত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৪.১৯ শতাংশ বৃদ্ধি

পূৰ্বৰ তুলনাত  হাইস্কুল শিক্ষান্ত  আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৪.১৯ শতাংশ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 May 2019 8:25 AM GMT

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰে ছেবায়ে । বিগত বৰ্ষৰ তুলনাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ উত্তীৰ্ণ হাৰ ৪.১৯ শতাংশ বৃদ্ধি হৈছে ।

২০১৮ চনত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ আছিল ৫৬.০৪ শতাংশ । আনহাতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৬০.২৩ শতাংশ । অৰ্থাৎ পুৰ্বৰ তুলনাত এইবাৰ উৰ্ত্তীৰ্ণ হাৰ ৪.১৯ শতাংশ বৃদ্ধি হৈছে ।

হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ ৰাজ্যৰ সমূহ পৰীক্ষাৰ্থীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অভিনন্দন জ্ঞাপন কৰিছে । লগতে আমাৰ ভৱিষ্যত প্ৰজন্মক লৈও গৌৰব অনুভব কৰো বুলিও প্ৰকাশ কৰে বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । ছাত্ৰ ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

এইবাৰ লক্ষিমপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেটনৰ মেঘাশ্ৰী বৰা য়ে শীৰ্ষ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে । ৬০০ ৰ ভিতৰত ৫৯৪ নম্বৰ লাভ কৰিছে মেঘাশ্ৰী বৰায়ে ।

গুৱাহাটীৰ চেন্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ও উজ্জ্বলি উঠিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত । ৩ গৰাকীকৈ ছাত্ৰীয়ে শীৰ্ষ ১০ স্থানত থাকিবলৈ সক্ষম হৈছে ।

গুৱাহাটী চেন্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰত্যাশা মেধিয়ে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে অনুশ্ৰী ভূঞায়ে তৃতীয় স্থান আৰু কৃষ্টি শইকীয়ায়ে চতুৰ্থ স্থান দখল কৰিছে। প্ৰত্যাশা মেধিয়ে ৫৯৪ নম্বৰ লাভ কৰাৰ বিপৰীতে অনুশ্ৰী ভূঞায়ে ৫৯১ নম্বৰ লাভ কৰে আৰু কৃষ্টি শইকীয়ায়ে ৫৯০ নম্বৰ লাভ কৰে।ফলাফল লাভ কৰি যথেষ্ট সুখী বুলি প্ৰকাশ কৰে শীৰ্ষ স্থান কৰা তিনি গৰাকী পৰীক্ষাৰ্থীয়ে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ লগতে গুৱাহাটীৰ বিদ্যালয় সমূহত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি