ছুইজাৰলেণ্ডত নিৰব মোদী আৰু ভগ্নীৰ ৪ টা বেংক একাউণ্ট জব্দ

ছুইজাৰলেণ্ডত নিৰব মোদী আৰু ভগ্নীৰ  ৪ টা বেংক একাউণ্ট জব্দ

নিৰব মোদী আৰু তেওঁ ভগ্নীৰ ৪ টা বেংক একাউণ্ট জব্দ কৰে ছুইজাৰলেণ্ড চৰকাৰে । ভাৰত চৰকাৰে ছুইজাৰলেণ্ড আৰক্ষীক জনোৱাৰ পাছতে ছুইজাৰলেণ্ড আৰক্ষীয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। নীৰৱ মোদীৰ চাৰিখন বেংক পাছবুক জব্দ কৰিছে ছুইজাৰলেণ্ড চৰকাৰে। ছুইজাৰলেণ্ড চৰকাৰৰ এই পদক্ষেপৰ পিছতে নীৰৱ মোদীৰ সৈতে জড়িত আন লোকেও তেওঁৰ একাউণ্টত জমা থকা টকা ব্যৱহাৰ কৰিব নোৱাৰিব। চৰকাৰৰ এই পদক্ষেপৰ পিছত নীৰৱ মোদীয়ে হেৰুৱাবলগীয়া হ’ব প্ৰায় ৬ মিলিটন ডলাৰৰ সম্পত্তি।

লণ্ডনৰ ৱেষ্টমিনষ্টাৰ ক’ৰ্টে নীৰৱ মোদীৰ জামিন চতুৰ্থবাৰৰ বাবে খাৰিজ কৰিছে।ফলত নীৰৱ মোদীয়ে লণ্ডৰ কাৰাগাৰতে অতিবাহিত কৰিবলগীয়া হৈছে দিন।পঞ্জাৱ নেচনেল বেংকৰ পৰা বহু মিলিয়ন টকাৰ কেলেংকাৰীত অভিযুক্ত আৰু কুখ্যাত হীৰা ব্যৱসায়ী নিৰৱ মোদীৰ প্ৰত্যাবৰ্তন প্ৰক্ৰিয়া চলি আছে।

উল্লেখযোগ্য যে ভাৰতৰ চৰকাৰী বেংকৰ কোটি কোটি টকা আত্মসাৎ কৰি লণ্ডনলৈ পলায়ন কৰা হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ পদক্ষেপ। প্ৰায় ১৩ হাজাৰ কোটি টকা আত্মসাৎ কৰাৰ পিছতে বিগত ১৫ মাহ ধৰি পলাতক হৈ আছে নীৰৱ মোদী। নীৰৱ মোদীক ভাৰতলৈ ওভতাই অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰতৰ পৰা পলায়ন কৰা নীৰৱ মোদী গ্ৰেপ্তাৰ হৈছিল লণ্ডনত।১৯ মাৰ্চত কুখ্যাত হীৰা ব্যৱসায়ী নিৰৱ মোদীক গ্ৰেপ্তাৰ কৰা হৈছিল ।

নিৰব মোদীয়ে সাক্ষী সকলক মৃত্যুৰ ভাবুকি দিয়াৰ লগতে আৰু মোবাইল ফোন অথবা বেলেগত থকা প্ৰমান তথ্য সমূহ ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল ।জানুৱাৰীৰ শেষৰ ফালে নিৰব মোদীয়ে তেওঁৰ পৰিয়ালৰ সৈতে দেশ এৰি পলায়ন কৰিছিল|

নিৰব মোদীৰ ভাৰতত থকা প্ৰায় ১,৮৭৩ কোটি টকাৰ সম্পতি ইতিমধ্যে চৰকাৰে বাজেয়াপ্ত কৰিছে । লগতে ৯৭০ কোটিৰ সম্পতিও বাজেয়াপ্ত কৰা হৈছে ।

বিগত বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰয়ে নিৰব মোদীৰ বিৰুদ্ধে ৰেড কৰ্নাৰ ন’টিছ জাৰি কৰিছিল । চিবিআইয়ে ইন্টাৰপলক কৰা আবেদনৰ ভিত্তিত ২০১৮ চনৰ জুনত ৰেড কৰ্নাৰ ন’টিছ জাৰি কৰিছিল । নিৰব মোদীয়ে পাঞ্জাব নেচনেল বেংকৰ পৰা ১৩,৫০০ কোটি টকা হৰলুকী কৰি পলায়ন কৰিছিল ।

৪৮ বছৰীয়া নিৰব মোদীক ভাৰতীয় কতৃপক্ষ হৈ লণ্ডন মেট্ৰপলিতান পুলিচে মংগলবাৰে অৰ্থাৎ ১৯ মাৰ্চত হলবৰ্নৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল| আজি নীৰৱ মোদীৰ চাৰিখন বেংক পাছবুক জব্দ কৰিছে ছুইজাৰলেণ্ড চৰকাৰে।চৰকাৰৰ এই পদক্ষেপৰ পিছত নীৰৱ মোদীয়ে হেৰুৱাবলগীয়া হ’ব প্ৰায় ৬ মিলিটন ডলাৰৰ সম্পত্তি।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com