পুলোৱামাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা ৰক্ষীৰ সংঘৰ্ষত নিহত ৪ জন সন্ত্ৰাসবাদী

পুলোৱামাত  সন্ত্ৰাসবাদী আৰু নিৰাপত্তা ৰক্ষীৰ সংঘৰ্ষত নিহত ৪ জন সন্ত্ৰাসবাদী

আজি জম্বু-কাশ্মীৰৰ পুলোৱামা জিলাত নিৰাপত্তা ৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত ৪ জনকৈ সন্ত্ৰাসবাদী নিহত হৈছে ।

দক্ষিণ কাশ্মীৰৰ পাঞ্জৰানত এই ৪ জন সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। বৃহস্পতি বাৰৰ পৰা এই অঞ্চলটোত অভিযান আৰম্ভ কৰিছিল ।

এক সূত্ৰয়ে প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদী কেইজন জাইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী সংগঠনৰ । পুলোৱামা জিলাৰ পাঞ্জৰান অঞ্চলত নিৰাপত্তা ৰক্ষীয়ে বৃহস্পতি বাৰৰ পৰা এক অভিযান আৰম্ভ কৰিছিল । এই অঞ্চলত সন্ত্ৰাসবাদীয়ে বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰিয়ে এই অঞ্চলটোত অভিযান চলাইছিল নিৰাপত্তা ৰক্ষীয়ে । এই অভিযানত ৪ জন সন্ত্ৰাসবাদী নিহত হৈছে বুলি প্ৰকাশ কৰে ।

সন্ত্ৰাসবাদীয়ে নিৰাপত্তা ৰক্ষীলৈ গুলীচালনা কৰাৰ পিছত নিৰাপত্তা ৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়াত সন্ত্ৰাসবাদী কেইজন নিহত হয় ।

সন্ত্ৰাসবাদী কেইটাৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com