গুৱাহাটীত দুষ্কৃতিকাৰীৰ ৪০ লাখ টকা লুট

গুৱাহাটীত দুষ্কৃতিকাৰীৰ ৪০ লাখ টকা লুট
Published on

গুৱাহাটীত মংগলবাৰে দিন দুপৰতে ৪০ লাখ টকা লুটি নিয়াৰ ঘটনাই সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷এই ঘটনা সংঘটিত হয় ফাঁচী বজাৰৰ আৰক্ষী থানাৰ ওচৰৰ ফেডাৰেল বেংকৰ সন্মুখত ৷ ঘটনা অনুসৰি ভি এছ এল এজেন্সীৰ কৰ্মচাৰীয়ে মংগলবাৰে দিনৰ বাৰ বজাত এ এচ ০১ ডি চি ০৮৫৫ নম্বৰৰ ক’লা ৰঙৰ মাৰুতি ভানেৰে শিলপুখুৰীৰ ফেডাৰেল বেংকৰ পৰা ৪০ লাখ টকা উলিয়াই ৷

ইয়াৰ পিছত সেই টকা খিনি লৈ যায় ফাঁচী বজাৰৰ এম জি ৰোডৰ ফেডাৰেল বেংকলৈ ৷বেংকৰ সন্মুখত ভানখন ৰখাই ৪০ লাখ টকাৰ বেগ আৰু চালকজনক থৈ দুজন কৰ্মচাৰী ফেডাৰেল বেংকলৈ যায় ৷ আৰু ফাচী বজাৰৰ ফেডাৰেল বেংকটোৰ পৰা ৮০ লাখ টকা উঠাই গাড়ীখনৰ ওচৰলৈ আহে।

কিন্তু সেই সময়তে পালচাৰ মটৰ চাইকেলত উঠি অহা দুজন যুৱকে গাড়ীখনৰ ভিতৰৰ পৰা ৪০ লাখ টকাৰ বেগটো লৈ উধাও হয় ৷ আনহাতে এই সমস্ত ঘটনা বেংকৰ চিচি টিভি কেমেৰাত আৱদ্ধ হয়। আৰু বেংকৰ কৰ্মচাৰীয়ে ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷ আৰু আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

ভিডিঅ প্ৰতক্ষ্য কৰক:New Members join BJP in presence of Union Minister General VK Singh (Retd)

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com