Begin typing your search above and press return to search.

 তবলীগী জামাতৰ লগত জড়িত ৪০০ ৰো অধিক ব্যক্তিৰ গাত ধৰা পৰিছে ক’ৰ’নাৰ অৱস্থিতি: গৃহ মন্ত্ৰালয়

 তবলীগী জামাতৰ লগত জড়িত ৪০০ ৰো অধিক ব্যক্তিৰ গাত ধৰা পৰিছে ক’ৰ’নাৰ অৱস্থিতি: গৃহ মন্ত্ৰালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 April 2020 6:40 AM GMT

তবলীগী জামাতৰ লগত জড়িত ৪০০ ৰো অধিক ব্যক্তিৰ গাত ধৰা পৰিছে ক’ৰ’নাৰ অৱস্থিতি: গৃহ মন্ত্ৰালয়। দক্ষিণ দিল্লীৰ নিজামুদ্দিন দৰগাহত অলপতে অনুষ্ঠিত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে কয় যে দিল্লীৰ তবলীগী জামাতৰ প্ৰায় ৪০০ ৰো অধিক লোকৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।‌ লগতে ১ কোটিৰ অধিক ব্যক্তিৰ বাবে নিৰ্দেশ দিয়ে যত ১ কোটি এন ৯৫ খন মাস্ক আছে। মন্ত্ৰালয়ৰ যুটীয়া সচিব লব আগৰৱালে কয় যে নতুন ব্যক্তিক চিনাক্ত কৰাৰ উদ্দেশ্যে পৰীক্ষা চলাই থকা হৈছে। কিয়নো দক্ষিণ পশ্চিম দিল্লীৰ নিজামুদ্দিন মাৰকাজত অংশগ্ৰহণ কৰা লোকসকল‌ প্ৰায় দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ পৰাই আহিছিল ।

আনহাতে, তামিলনাডুত ১৭৩ জন ক’ৰ’না ভাইৰাছ আক্ৰান্ত ব্যক্তি চিনাক্ত হৈছে আৰু এই ব্যক্তিসকলে নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশগ্ৰহণ কৰিছিল । গৃহ মন্ত্ৰালয়ে কয় যে দিল্লীৰ তবলীগী জামাতত অংশগ্ৰহণ কৰা দুহেজাৰ লোকৰ ১,৮০৪ জনক আছুতীয়াকৈ ৰখাৰ লগতে ৩৩৪ জনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।‌

আগৰৱালে কয় যে বুধবাৰৰ পৰা ৩২৪ জন নতুন ক’ৰ’না ভাইৰাছ‌ আক্ৰান্ত ব্যক্তিৰ লগতে ১২ জনৰ মৃত্যু হৈছে আৰু ১৫১ জন লোক সুস্থ হৈ উঠিছে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য চৰকাৰসমূহক জিলাভিত্তিক ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।‌

প্ৰদানমন্ত্ৰীয়ে লগতে কয় যে ১.৫ কোটি পি পি ই আৰু ১ কোটি এন৯৫ মাস্ক যোগানৰ নিৰ্দেশ দিয়া হৈছে।

আগৰৱালে কয় যে সকলোৱে চিকিৎসক আৰু স্বাস্থ্য কাৰ্যকৰ্তাসকলক সন্মান কৰিব লাগে যিসকলে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দি আছে ।

তেওঁ কয় যে কিছুসংখ্যক চিকিৎসকৰ শৰীৰতো এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। সেয়েহে চিকিৎসালয়ত ভাইৰাছৰ সংক্ৰমণ ৰোধ সম্বন্ধীয় নীতি- নিৰ্দেশনা মানি চলাটো অতি গুৰুত্বপূৰ্ণ।

অন্য খবৰৰ বাবে পঢ়ক : অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা নজনলৈ বৃদ্ধি

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি