Begin typing your search above and press return to search.

পঞ্চম আন্তজাৰ্তিক যোগ দিৱস উদযাপন সৰুসজাই খেলপথাৰত

পঞ্চম আন্তজাৰ্তিক যোগ দিৱস উদযাপন  সৰুসজাই খেলপথাৰত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jun 2019 8:41 AM GMT

আজি পঞ্চম আন্তৰ্জাতিক যোগ দিৱস । এই উপলক্ষে দেশৰ সমগ্ৰ প্ৰান্তৰ লগতে অসমতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় আন্তজাতিক যোগ দিৱস। "সুস্থ হৃদযন্ত্ৰৰ বাবে যোগ দিৱস" এই উদ্দেশ্যে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৫০ মিনিট সময় প্ৰায় ১০ হাজাৰ জনতাৰ সৈতে একেলগে ব্যায়াম কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

লগতে যোগ দিৱসৰ এই অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকা, আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব আলোক কুমাৰ, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, আৰক্ষী আয়ুক্ত দীপক কুমাৰ, কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুকে ধৰি অন্যান্য উচ্চ পৰ্যায়ৰ বিষয়াসকল ।

ইফালে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যোগ সমিতিসমূহ, ব্যক্তিগত সংস্থাকে ধৰি প্ৰায় ১০ হাজাৰ লোকে একেলগে ব্যায়াম কৰে সৰুসজাই ষ্টেডিয়ামত । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে সুস্থ হৃদযন্ত্ৰৰ কাৰণে চলিত বৰ্ষৰ যোগ দিৱস পালন কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উল্লেখ কৰি যে প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্তি থকা লোকসকলক সুস্থ সবল কৰি তোলাৰ লগতে মানৱ জাতিৰ মাজত শান্তি,সম্প্ৰীতি, ভ্ৰাতৃত্ববোধ আদি যাতে সকলোৰে মাজত বৰ্তি থাকে তাৰ কাৰণে দৃষ্টান্তমুলক পদক্ষেপ লৈছে ৷

লগতে প্ৰধানমন্ত্ৰী মোডীৰ আদৰ্শত সকলো উৎসাহিত হোৱাৰ কথাও উল্লেখ কৰে৷ আৰু অসমৰ বিভিন্ন প্ৰান্তত স্বৰ্তস্ফুতভাৱে জনসাধাৰণ যোগ দিৱসত অংশগ্ৰহণ কৰিছে ৷ গতিকে যোগৰ দ্বাৰা এখন সুস্থ সমাজ আমি গঢ় দিব লাগিব ৷ লগতে মহানগৰীত সুচাৰুপে যোগ দিৱস অনুষ্ঠিত কৰা কাৰণে স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে সকলো বিভাগৰ বিষয়া আৰু প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে যিসকল লোক আহি যোগা দিৱসৰ কাৰ্যসূচীিত অংশ গ্ৰহণ কৰিলে তেওঁলোকৰ উপৰিও উপস্থিত সাংবাদিক সকলকো ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

ইফালে অসমৰ প্ৰতিটো পঞ্চায়ততে যোগ দিৱসৰ লগত সংগতি ৰাখি এলানি কাৰ্যসূচী আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰে ৷যাতে সকলো জনসাধাৰণ শৈক্ষিক দিশৰ লগতে পৰিয়ালৰ ক্ষেত্ৰতো সুখী হওঁক। লগতে গুৰু জনাৰ মানবীয় মূল্যবোধক সাৰোগত কৰি জীৱনত সকলোকে আগবাঢ়ি যাবলৈ আহ্বান কৰে মুখ্যমন্ত্ৰী সোনোৱালে। উল্লেখ্য যে এই অনুষ্ঠানতযোগ গুৰু হিচাপে উপস্থিত থাকে স্বামী জী৷ এই অনুষ্ঠানত ব্যায়াম আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধান মন্ত্ৰীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱা হয়।

অন্য খবৰৰ বাবে পঢ়ক : সৰ্বানন্দ সোণোৱাল মন্ত্ৰী সভাই কৃষকৰ হিতৰ বাবে অনুমোদন জনালে নতুন আচনিত

Next Story
চাকৰি