Begin typing your search above and press return to search.

পঞ্চম পৰ্যায় নিৰ্বাচনৰ সময়ত কাশ্মীৰৰ ভোট গ্ৰহণ কেন্দ্ৰত গ্ৰেনেড আক্ৰমণ

পঞ্চম পৰ্যায় নিৰ্বাচনৰ সময়ত কাশ্মীৰৰ ভোট গ্ৰহণ কেন্দ্ৰত গ্ৰেনেড আক্ৰমণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2019 10:33 AM GMT

পঞ্চম পৰ্যায় লোকসভা নিৰ্বাচনৰ সময়তে কাশ্মীৰৰ বুথত গ্ৰেনেড আক্ৰমণৰ লগতে পশ্চিম বংগৰ ভোট গ্ৰহণ কেন্দ্ৰত অপ্ৰীতিকৰ পৰিষ্ঠিতি আৰু বিভিন্ন প্ৰান্তত ইভিএম বিসংগতিৰ সংঘটিত হৈছে । আজি ৭ খন ৰাজ্যৰ ৫১ টা লোকসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে ।

জম্বু কাশ্মীৰৰ অনান্তনাগ লোকসভা সমষ্টিৰ পুলোৱামা জিলাৰ ৰহম' ভোট গ্ৰহণ কেন্দ্ৰত উগ্ৰপন্থীয়ে গ্ৰেনেড নিক্ষেপ কৰে । এইবাৰ লোকসভা নিৰ্বাচনৰ সময়ত জম্বু কাশ্মীৰত এয়া প্ৰথমটো গ্ৰেনেড বিস্ফোৰণ ।

আনহাতে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে অভিযোগ কৰে যে তৃণমূল কংগ্ৰেছৰ গুন্দাবাহিনীয়ে তেওঁক আক্ৰমণ কৰে । এই ঘটনা সংঘটিত হয় উত্তৰ কলকাতাৰ পৰা ২৯ কিলমিটাৰ নিলগত অৱস্থিত মোহনপুৰত । এই ঘটনাত সিঙে পিছত তৃণমূল কংগ্ৰেছৰ লোকে তেওঁক আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপন কৰে ।

উল্লেখযোগ্য যে পশ্চিম বংগ , উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ইভিএমৰ বিসংগতিৰ বাবে বহু কেইটা ভোট গ্ৰহণ কেন্দ্ৰত পলমকৈ ভোট গ্ৰহণ আৰম্ভ হয় ।

আজি পুৱায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে যুৱ প্ৰজন্মক ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে ।

পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ হাই প্ৰফাইল প্ৰাৰ্থীৰ ভিতৰত আছে লক্ষ্মৌৰ পৰা ৰাজনাথ সিঙ , আমেথিৰ পৰা ৰাহুল গান্ধী , ৰায় বাৰেলিৰ পৰা ছুনিয়া গান্ধী , গ্ৰাম্য জয়পুৰৰ পৰা ৰাজ্যবৰ্ধন ৰাথোৰ আদি ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি