Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচনত ৬১০ ৰাজনৈতিক দলে এখনো আসন লাভ কৰিব সক্ষম হোৱা নাই

লোকসভা নিৰ্বাচনত ৬১০ ৰাজনৈতিক দলে এখনো আসন লাভ কৰিব সক্ষম হোৱা নাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jun 2019 7:21 AM GMT

লোকসভা নিৰ্বাচনত মুঠ ৬১০ টা আঞ্চলিক আৰু সৰু ৰাজনৈতিক দলে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই ।লগতে ৫৩০ টা দলৰ ভোটৰ হাৰ ০%।

নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা তথ্য মতে লোকসভা নিৰ্বাচনত ১৩ টা দলে মাত্ৰ এখনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে ।

কেইটামান ৰাজনৈতিক দলে লোকসভা নিৰ্বাচনত শূণ্য পদৰ্শন দেখুৱাৰ বাবে বৰ্তমান নিষিদ্ধ কৰি দিয়া হৈছে । এই দল সমূহৰ ভিতৰত ভাৰতীয় লোক দাল, জানায়াক জনতা দল, ছিকিম ডেম'ক্ৰেটিক ফ্ৰন্ট, ৰাষ্ট্ৰীয় সমতা পাৰ্টি, চাৰ্ভা জনতা দল, জম্বু কাশ্মীৰৰ পিপ'ল ডেম'ক্ৰেটিক পাৰ্টি, আল ইণ্ডিয়া এন আৰ কংগ্ৰেছ , ৰাষ্ট্ৰীয় জনতা দল আৰু দা পি এম কে দল আছে।

এই ৬১০ দলৰ ভিতৰত ৮০ টা দলে ১ শতাংশ অথবা তাতোকৈ কম শতাংশ ভোটৰ হাৰ আছিল । তাৰে ৫৩০ দলৰ ভোটৰ হাৰ ০%।

মুঠ ৩৭ ৰাজনৈতিক দলে লোকসভা নিৰ্বাচনত সক্ৰিয়তা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । ৫৪২ খন আসনৰ ৩০৩ খন আসন লাভ কৰে বিজেপিয়ে । কংগ্ৰেছে ৫২ খন আসন লাভ কৰে। এটা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই ।

সংসদলৈ এখন আসনৰে আম আদমি পাৰ্টি, অল ঝাৰখণ্ড ছাত্ৰ কেন্দ্ৰীয় দল, এ আই এ ডি এম কে , অল ইণ্ডিয়া ডেম'ক্ৰেটিক ফ্ৰন্ট আৰু ৰিভলিউচনাৰি চচিয়েলিষ্ট পাৰ্টিয়ে অন্তভূক্ত হয়। ।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৪৬৪ দলে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, ৩৮ টা দলে সংসদত প্ৰবেশ কৰিছিল আৰু ১২ টা দলে মাত্ৰ ১ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি