Begin typing your search above and press return to search.

ফিল্মফেয়াৰ এৱাৰ্ড ২০২০: শীৰ্ষ স্থানত দখল কৰিলে ৰণবীৰ সিঙৰ গলী বয়

ফিল্মফেয়াৰ এৱাৰ্ড ২০২০: শীৰ্ষ স্থানত দখল কৰিলে ৰণবীৰ সিঙৰ গলী বয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Feb 2020 1:04 PM GMT

ফিল্মফেয়াৰ এৱাৰ্ড ২০২০: শীৰ্ষ স্থানত দখল কৰিলে ৰণবীৰ সিঙৰ গলী বয় ।বলিউডৰ সবাতোকৈ প্ৰতিষ্ঠিত এৱাৰ্ড শ্ব' ফিল্মফেয়াৰ এৱাৰ্ড । এইবাৰ ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠান ১৫ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ প্ৰসাৰণ হয় ১৬ ফেব্ৰুৱাৰী তাৰিখে "কালাৰ্চ টিভি'' চেনেলটোত ৰাতি ৯ বজাত ।

এই ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত ২০১৯ চনত মুক্তি লাভ কৰা গলী বয়ে ইতিহাস ৰচিবলৈ সক্ষম হয়। এবছৰৰ ভিতৰত বহু কেইটা পুৰষ্কাৰ লাভ কৰি ছবি খনে এক অভিলেখ গঢ়ে।

৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত গলী বয়ে লাভ কৰে ১৩ টাকৈ বঁটা। গলী বয় ছবি খনে ৬৫ সংখ্যক ফিল্মফেয়াৰত ১৩ টা বঁটা লাভ কৰি সবাতোকৈ বেছি বঁটা লাভ কৰাৰ অভিলেখ গঢ়াৰ লগতে এবছৰত সবাতোকৈ বেছি বঁটা লাভ কৰা ছবিৰ স্থান দখল কৰে। ইয়াৰ পূৰ্বে এই স্থানত আছিল ২০০৫ চনৰ অমিতাভ বচ্চন আৰু ৰাণী মুখাৰ্জীৰ ছবি ব্লেক । এই ছবি খনে ২০০৫ চনত ১১ টাকৈ বঁটা লাভ কৰিছিল। অৱশেষত ৰণবীৰ সিং আৰু আলিয়া ভটৰ ছবি গলী বয়ে ভংগ কৰিলে ব্লেক ছবিৰ অভিলেখ।

২০১৯ চনত মুক্তি লাভ কৰা গলী বয় ছবি খনে ৬৫ সংখ্যক ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ পৰিচালনা , শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ সহ: অভিনেতা , শ্ৰেষ্ঠ সহ: অভিনেত্ৰী আদি মুখ্য বঁটা সমূহ লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ২০০৫ চনত ছবি ব্লেকে ফিল্মফেয়াৰ এৱাৰ্ডত ১১ টা বঁটা লাভ কৰি ১৯৯৫ চনৰ ছবি দিলৱালে দুলহনীয়া লে জায়েগী আৰু ২০০২ চনৰ ছবি দেৱদাস ছবিৰ অভিলেখ ভংগ কৰিছিল।

ফিল্মফেয়াৰ এৱাৰ্ডত সবাতোকৈ বেছি বঁটা লাভ কৰা ছবি সমূহৰ তালিকা তলত উল্লেখ কৰা হ'ল -

২০১৯ - গলী বয় ( ১৩ টা বঁটা)

২০০৫ - ব্লেক ( ১১ টা বঁটা)

২০০২ - দেৱদাস ( ১০টা বঁটা)

১৯৯৫ - দিলৱালে দুলহনীয়া লে জায়েগী (১০ টা বঁটা)

১৯৫৮- মধুমতি ( ৯টা বঁটা)

১৯৯৪ - ১৯৪২: লাভ ষ্ট'ৰী ( ৯টা বঁটা)

২০০০ - কহো না প্যাৰ হে ( ৯টা বঁটা)

২০০৬ - অ'ম কাৰা ( ৯টা বঁটা)

২০১৫ - বাজীৰাও মস্তানী ( ৯টা বঁটা)

অন্য খবৰৰ বাবে পঢ়ক : টেজাচ’ ৰ পোষ্টাৰ মুকলি; বায়ু সেনাৰ পায়লটৰ ৰূপত দেখা যাব কংগণা ৰাণাৱতক

ভিডিঅ প্ৰতক্ষ্য কৰক : Rhino strayed out from Kaziranga, creates panic amongst locals in Biswanath

Next Story
চাকৰি