Begin typing your search above and press return to search.

ৰাজ্যত বন্যপ্ৰাণী অপৰাধীক সাত বছৰ কাৰাদণ্ড আৰু পঞ্চাছ হাজাৰ টকা জৰিমনা

ৰাজ্যত বন্যপ্ৰাণী অপৰাধীক সাত বছৰ কাৰাদণ্ড আৰু পঞ্চাছ হাজাৰ টকা জৰিমনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jun 2019 7:50 AM GMT

ৰাজ্যত বন্যজীৱৰ সংৰক্ষণৰ সন্দৰ্ভত বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে চিৰাং জিলাৰ বিজনীৰ সত্ৰ ন্যায়াধীশ আদালতে মানস ৰাষ্ট্ৰীয় উদ্যানত বন্যজীৱৰ পাঁচটা চোৰাং চিকাৰীক সাত বছৰ সশ্ৰম কাৰাবাস আৰু পঞ্চাছ হাজাৰ টকাৰ জৰিমনাৰে দণ্ডিত কৰিছে ৷ আদালতে তিনিটা পৃথক পৃথক বন্যজীৱ অপৰাধত পাঁচজন দোষীক দোষী সাব্যস্ত কৰিছে ৷

মানস ৰাষ্ট্ৰীয় উদ্যানত অবৈধ ভাৱে পশু চিকাৰ কৰা,মানস ৰাষ্ট্ৰীয় উদ্যানত বন্য জীৱ আৰু পশু পক্ষীৰ চিকাৰ আদি ৷ বিজনীৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ এন ইউ আহমেদৰ বিচাৰপীঠে পাঁচটা দোষীৰ বিৰুদ্ধে উক্ত দৃষ্টান্তমূলক ৰায় প্ৰদান কৰিছে। ইফালে বন আইন উলংঘা সন্দৰ্ভত অতি কমসংখ্যক অভিযুক্তহে দোষী সাব্যস্ত কৰিছে। বন আৰু পৰিবেশ মন্ত্ৰ্যালয়ৰ তথ্য মতে ২০১৫ চনৰ পৰা বৰ্তমান পৰ্যন্ত বন আইন উলংঘা কৰা ঘটনা সন্দৰ্ভত ২,২,৬৯ টা গোচৰ পঞ্জীয়ন হৈছে ৷

তাৰ ভিতৰত ১২৬টা গোচৰৰ বিপৰীতে অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে ৷ ইফালে মানস ৰাষ্ট্ৰীয় উদ্যান পৰা পশু চিকাৰ কৰি মাংস বিক্ৰী কৰি থকাৰ সময়ত গ্ৰেপ্তাৰ হোৱা জয় ৰাম ৰয়ৰ বিৰুদ্ধে ৰজু হোৱা ৩১৬/২০১৮ নম্বৰৰ গোচৰ আৰু সোমনাথ কিস্কু আৰু ধোজেন টুডুক নেউল,শহা,কপৌ আৰু হেঁতুলুকা চিকাৰ কৰাৰ অপৰাধত ২০০/২০১৮ নম্বৰৰ গোচৰৰ বিপৰীতে দোষী সাব্যস্ত কৰি উক্ত দৃষ্টান্তমূলক ৰায় দিছে আদালতে।

ইফালে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা চোৰাং কাঠৰ ব্যৱসায় চলোৱাৰ অভিযোগত ১৪৫/২০১৮ নম্বৰৰ গোচৰৰ বিপৰীতে দোষী সাব্যস্ত হোৱা শিবুৰাম ৰয় আৰু ৰবেন বড়োক পঞ্চাশ হাজাৰ টকাৰ জৰিমনাসহ সাত বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে । মানস ৰাষ্ট্ৰীয় উদ্যানৰ এগৰাকী বিষয়া মানিক ব্ৰহ্মই কয় যে মই মানস ৰাষ্ট্ৰীয় উদ্যানত মোৰ কৰ্মজীৱনত প্ৰায় ১৭৯ টা কেছ দাখিল কৰিছোঁ। মই বন্য প্ৰাণী সংৰক্ষণ সন্দৰ্ভত চলোৱা বিভিন্ন কাৰ্যসূচীত ভাগ লৈছো ৷

সম্প্ৰতি বন্য জীৱৰ অপৰাধীসকলৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত অপৰাধীসকলক সাৱধান হ’বলৈ ইংগিত দিছে। লগতে বন্য প্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত নতুন প্ৰজন্মক জাগৰিত কৰিবলৈও আগ্ৰহ প্ৰকাশ কৰে মানিক ব্ৰহ্মই।

উল্লেখ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানক দুৰ্লভ আৰু লুপ্তপ্ৰায় জীৱৰ কাৰণে বিখ্যাত ৷ মানস ৰাষ্ট্ৰীয় উদ্যান ১৯২৮ চনৰ ১ অক্টোবৰত ৩৬০ কিলোমিটাৰক অভয়াৰণ্য ঘোষিত কৰা হৈছিল ৷ অভয়াৰণ্য হিছাপে ঘোষণা কৰাৰ পূৰ্বতে মানস আছিল এখন বন ৷ইয়াক গৌৰীপুৰৰ ৰজাই বিভিন্ন চিকাৰৰ কাৰণে ব্যৱহাৰ কৰিছিল ৷১৯৯২ চনত ইউনেস্কই অবৈধ চিকাৰ আৰু সন্ত্ৰাসবাদীৰ গতিবিধিক লক্ষ্য কৰি মানসত বিপদজনক হিছাপে ঘোষণা কৰে । ২০০৮ চনৰ ২৫ ফ্ৰেব্ৰুৱাৰী এই বনক ৯৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰে। ইয়াৰ পিছত ২০১১ চনৰ ২১ জুনত বিশ্বৰ বিপদজনক সূচীৰ পৰা মানসৰ নাম আঁতৰাই সংৰক্ষণ কৰে।

অধিক খবৰৰ বাবে পঢ়ক: কোকৰাঝাৰত পানী ব্যবস্থাপনাৰ সহযোগিতাক লৈ ভাৰত, ভূটানৰ আলোচনা

Next Story
চাকৰি