Begin typing your search above and press return to search.

কোকৰাঝাৰ আৰু হাফলঙত ৭০ সংখ্যাক বন মহোৎসৱ উদযাপন

কোকৰাঝাৰ আৰু হাফলঙত ৭০ সংখ্যাক বন মহোৎসৱ উদযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 July 2019 7:44 AM GMT

কোকৰাঝাৰ আৰু হাফলঙত এক সপ্তাহ যোৰা ৭০ সংখ্যা বন মহোৎসৱ উদযাপন কৰা হয়। কোকৰাঝাৰৰ উল্টা পানী অঞ্চলত পালন কৰা হয় এই বন মহোৎসৱৰ । উল্টা পানী গাঁওত ১৩৫ ইকো টাস্ক ফ'ৰ্চৰ অধিনত ৫০০ গছ পুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হয় । এই অনুষ্ঠানত স্থানীয় লোক, ১৩৫ ইকো টাস্ক ফ'ৰ্চৰ জোৱান আৰু বন বিভাগৰ বিষয়া য়ে অংশগ্ৰহন কৰে । গাঁও খনৰ জেষ্ঠ ব্যক্তিয়ে এই অনুষ্ঠানৰ উদ্বোধন কৰে । বহুতো গছ জামু , কঠাল , জলফাই, আমলখি, লেতেকু, লিচু আদি গছ পুলি ৰোপণ কৰে। ১৩৫ ইকো টাস্ক ফ'ৰ্চৰ কমাণ্ডিঙ বিষয়া কে চৰকাৰ, উল্টাপানী বন ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ দিৰেন বসুমতাৰী , স্থানীয় লোক আৰু বহুতো লোকে এই অনুষ্ঠানত অংশগ্ৰহন কৰে ।কমাণ্ডিঙ বিষয়া কে চৰকাৰে প্ৰকাশ কৰে যে , গছ ৰোপণৰ এই কাৰ্যসূচী বন অঞ্চলত কৰা হয় ।আৰু বন সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয় ।

" অৰ্থনৈতিক আৰু জীৱিকাৰ বাবে সদস্য সকলে এই পদক্ষেপ গ্ৰহণ কৰে । জনবসতি অঞ্চলতো ফল-মূলৰ গছ পুলি ৰোপণ কৰা হয়।

আনহাতে হাফঙৰ শিব্ৰাইপুৰ আৰু কালাচাণ্ডত ৭০ সংখ্যাক বন মহোৎসৱ উদযাপন কৰা হয় । শিব্ৰাইপুৰ আৰু কালাচাণ্ড ডিমা হাছাও মাইবংৰ পৰা ১৫ কিলোমিটাৰ নিলগত । এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে এন চি হিল স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য চেমুৱেল চাঙচান, নন্দিতা গৰচলা, গলনজ' থাওচেন , নজিৎ কেম্প্ৰাই, ৰতন জাৰামবুছা, মঞ্জিৎ নাইদিঙ , বিজিট লাংথাচা, পদ্মনাব বৰুৱা এই অনুষ্ঠানত উপস্থিত থাকে । বন বিভাগৰো বহু কেইজন বিষয়া উপস্থিত থাকে ৭০ সংখ্যা বন মহোৎসৱত ।

গছ ৰোপণ কাৰ্যসূচীৰে এই অনুষ্ঠান আৰম্ভণি কৰা হয় । ১৫ গাঁওৰ গাঁও বুঢ়ায়ে অংশগ্ৰহন কৰে। লগতে এখন মুকলি সভাৰো আহ্বান কৰা হয় । এই সভাতে জনসাধাৰণৰ মাজত বন সংৰক্ষণৰ প্ৰয়োজনীয়তা ওপৰত আলোকপাত কৰা হয় । মুখ্য অতিথি হিচাপে উপস্থিত থাকি চেমুৱেল চাঙচানে গছ আৰু পানী সংৰক্ষণ গুৰুত্বৰ ওপৰত ভাষন প্ৰদান কৰে ।

বৰ্তমান সময়ত গোলকীয় উষ্ণতা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ বিশ্বৰ লগতে দেশ আৰু ৰাজ্যতো অতি মাত্ৰ উষ্ণতা বৃদ্ধি হৈছে । বৰ্তমান সময়ত জনসাধাৰণে যি হাৰত গছ গছনি ধ্বংস কৰিছে তাৰ পৰিনতিতে গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে প্ৰদূষণ বৃদ্ধি হৈছে । সেয়েহে গছ গছনি সংৰক্ষণ কৰা অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :হাইলাকান্দিত বন মহোৎসৱ উদযাপন

Next Story
চাকৰি