সংসদৰ বাজেট অধিবেশনৰ এদিন পূৰ্বে অনুষ্ঠিত সৰ্বদলীয় বৈঠক

সংসদৰ বাজেট অধিবেশনৰ এদিন পূৰ্বে অনুষ্ঠিত সৰ্বদলীয় বৈঠক

আজিৰে পৰা আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন ৷ পূৰ্ণ জনমত লৈ পুনৰ শাসনৰ গাদীত অধিস্থিত হোৱা প্ৰথমখন বাজেট অধিৱেশনৰ এদিন পূৰ্বে অৰ্থাৎ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান কৰে এখন সৰ্বদলীয় বৈঠক ৷ বৈঠকত সকলো ৰাজনৈতিক দলৰ নেতাসকলক ৰাজনৈতিক মতভেদ একাষৰীয়াকৈ ৰাখি, দুয়োটা সদনৰ কাম কাজত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰ কাৰণে আহ্বান কৰে নৰেন্দ্ৰ মোডীয়ে ৷

প্ৰায় দুঘন্টা ধৰি অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকখনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজনৈতিক দলসমূহক উদ্দেশ্য কৰি সদন সূচাৰূপে পৰিচালনা কৰিবলৈ তথা চৰকাৰৰ লগত একত্ৰিত হ’বলৈ আহ্বান কৰে ৷ লগতে নৱ নিৰ্বাচিত সাংসদ সকলক স্বাগতম জনাই সংসদৰ কাম কাজৰ ক্ষেত্ৰত বিকাশ হোৱাৰ আশা ব্যক্ত কৰে মোডীয়ে৷

ইফালে মোডীয়ে সকলো সাংসদক জনসাধাৰণৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ আশা বাস্তৱত পৰিণত কৰিবলৈ আহ্বান কৰে ৷ ইফালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ৰাজনৈতিক দলসমূহৰ প্ৰত্যেকটো বিষয় গ্ৰহণ কৰিবলৈ আৰু প্ৰয়োজনীয় সকলো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সদায় দায়বদ্ধ ৷সংসদীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে ২০২২ চনত ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ বৰ্ষ অতিক্ৰম কৰিব ৷ এই বৰ্ষতে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী অনুষ্ঠিত হ’ব ৷

জোশীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৯ জুনত সংসদৰ সকলো প্ৰতিনিধিত্বৰ লগতে সকলো ৰাজনৈতিক দলৰ অধ্যক্ষসকলক আমন্ত্ৰিত কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰ,নিৰ্বাচন,মহাত্মা গান্ধীৰ ১৫০ জন্ম জয়ন্তী আদিৰ বিষয়ে চৰ্চা কৰিব বিচাৰে ৷ জোশীয়ে লগতে কয় যে ভৱিষ্যতে সংসদৰ কাম কাজ সূচাৰূপে সম্পন্ন হ’ব । ইফালে সংসদৰ বাজেট অধিবেশন অনুষ্ঠিত হ’ব ১৭ জুনৰ পৰা ২৬ জুলাইলৈকে ৷ ১৭ সংখ্যক লোকসভাৰ প্ৰথম অধিবেশন ১৭ জুনৰ পৰা অনুষ্ঠিত হ’ব ৷ আৰু ৰাজ্যসভাৰ অধিবেশন অনুষ্ঠিত হ’ব ২০ জুনৰ পৰা ৷

অন্যহাতে ১৯ জুনত লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচিত কৰা হ’ব ৷ইয়াৰ পিছদিনা ৰাষ্ট্ৰপতিয়ে সংসদৰ উভয় সদনক সম্বন্ধিত কৰিব ৷আনহাতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ৫ জুলাইত চলিত বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব ৷ উল্লেখ্য যে সংসদৰ অধিবেশনৰ সময়ত কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰায় ১০ খন অধ্যাদেশক আইনী ৰূপ দিয়াৰ প্ৰচেষ্টা কৰিব ৷ দেওবাৰে সৰ্বদলীয় বৈঠকত কংগ্ৰেছৰ গোলাম নবী আজাদ,অধীৰ ৰঞ্জন চৌধুৰী,নেশ্যনেল কনফাৰেন্সৰ নেতা ফাৰুখ আব্দুলা,টি এম চিৰ ডেৰেক অ’ব্ৰায়ান,তৃণমূলৰ সুদীপ বন্দোপাধ্যায় আদি উপস্থিত আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com