Begin typing your search above and press return to search.

শোকৰ বন্যা শ্বহীদ নিৰোদ শৰ্মাৰ গাঁৱতঃ মুখ্যমন্ত্ৰীৰ ঘোষণা ২০ লাখ টকা

শোকৰ বন্যা শ্বহীদ নিৰোদ শৰ্মাৰ গাঁৱতঃ মুখ্যমন্ত্ৰীৰ ঘোষণা ২০ লাখ টকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Jun 2019 8:29 AM GMT

বৃহস্পতিবাৰে চি আৰ পি এফ বেটেলিয়নৰ ছাব ইন্সপেক্টৰ নিৰোদ শৰ্মাৰ নশ্বৰ দেহ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় ৷শ্বহীদ নিৰোদ শৰ্মা নলবাৰী জিলাৰ বাসিন্দা ৷বুধবাৰে জম্মু কাশ্মৰীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হোৱা নিৰোদ শৰ্মাৰ গাওঁখনত সম্প্ৰতি শোকৰ বন্যা ৷

ৰাজ্যৰ কেবিনেট মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মিডিয়া উপদেষ্টা ঋষিকেশ গোস্বামী,অসম আৰক্ষীৰ শীৰ্ষ অধিকাৰী,চিআৰপিএফ আৰু চৰকাৰৰ অন্যান্য বিভাগীয় কৰ্তৃপক্ষসকল শ্বহীদ নিৰোদ শৰ্মাক শ্ৰদ্ধাঞ্জলী প্ৰদান কৰিবৰ কাৰণে বিমান বন্দৰত উপস্থিত হয়। ইয়াৰ পিছত শ্বহীদ নিৰোদ শৰ্মাৰ নশ্বৰ দেহ দাহ কৰাৰ কাৰণে ওপজা গাঁৱলৈ অনা হয় ৷

সম্প্ৰতি,শ্বহীদ নিৰোদ শৰ্মাৰ দহকাউনীয়াত বৈছে শোকৰ বন্যা। দেশৰ কাৰণে জীৱন উচৰ্গা কৰা নিৰোদ শৰ্মাই ১৯৯১ চনত চাকৰিত যোগদান কৰিছিল । সুদীৰ্ঘ ২৭ বছৰ ধৰি নিৰাপত্তা বাহিনীৰ চাকৰি কৰা নিৰোদে যোৱা ১০ বছৰ ধৰি জম্মু আৰু কাশ্মৰীত নিয়োজিত হৈ আছিল ৷ ২০০৪ চনত টিহুৰ জোনালী দেৱীৰ লগত বিবাহ পাশত আৱদ্ধ হৈ শ্বহীদ নিৰোদ শৰ্মা। শ্বহীদ নিৰোদ শৰ্মা সম্প্ৰতি দুগৰাকী কন্যাক এৰি থৈ গৈছে ৷ বৰমাৰ শংকৰদেৱ শিশু নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী দীক্ষিতা শৰ্মা আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী হিমাংগী ৷

আনহাতে,জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰী শ্বহীদ গৰাকীৰ ঘৰত উপস্থিত হৈ শ্বহীদ নিৰোদ শৰ্মাৰ খবৰ দিয়ে পৰিয়াল বৰ্গক ৷ উপায়ুক্ত আৰু স্থানীয় বিধায়ক মনেশ্বৰ শৰ্মাই পৰিয়ালটোক সান্ত্বনা দিয়ে যদিও পত্নী আৰু দুই কন্যাৰ কান্দোনৰ ৰোল উঠে ৷উল্লেখ্য যে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশত শ্বহীদ গৰাকীৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি উপায়ুক্তই পৰিয়ালটিলৈ ২০ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে।

ইফালে,নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ চৌধুৰী,আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ,অৰ্ধসামৰিক বাহিনীৰ উত্তৰ পূৰ্বাঞ্চলৰ সঞ্চালক প্ৰধান প্ৰধান দে’,দশম বেটেলিয়নৰ সহঃকামাণ্ডাৰ বিনয় কুমাৰ,১৩৬ বেটেলিয়নৰ কামাণ্ডাৰ পি চি চৌহান,নলবাৰী জিলা ছাত্ৰ সন্থা,বৰমা আঞ্চলিক ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদ,কোঁচ ৰাজবংশী ছাত্ৰ সন্থা,বাক্সা প্ৰেছ ক্লাব,বৰমা শাখা সাহিত্য সভা,গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আদিৰ বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলী জনায় ৷

উল্লেখযোগ্য যে, পুলোৱামাত ১৪ ফেব্ৰুৱাৰীত চি আৰ পি এফৰ গাড়ীত সন্ত্ৰাসবাদীয়ে আক্ৰমণত সংঘটিত কৰিছিল । যত শ্বহীদ হৈছিল ৪০ জনকৈ জোৱান ।এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে । ইয়াৰ পাছতে ভাৰত আৰু পাকিস্তান মাজত সম্পৰ্ক অধিক অবনতি ঘটে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি