গুৱাহাটী চিটী বাছৰ কাৰণে এক বিশেষ পদক্ষেপ

গুৱাহাটী চিটী বাছৰ কাৰণে এক বিশেষ পদক্ষেপ

গুৱাহাটী চিটী বাছৰ কাৰণে এক বিশেষ পদক্ষেপ জিলা পৰিবহন বিষয়াৰ। সোমবাৰে আৰটিঅ’ অৰ্থা ৰিজিঅ’নেল টান্সপ’ৰ্ট অফিচ ,জিলা পৰিবহন বিষয়া বাপন কলিতাই চিটী বাছৰ এছোচিয়েশ্যনৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে ৷ বৈঠকখনত যান বাহন শাখাৰ ডিচিপি প্ৰশান্ত শইকীয়াৰ লগতে অন্যান্য লোকসকল উপস্থিত আছিল ৷

দ্য চেন্টিনেলৰ লগত হোৱা কথা বাৰ্তাত বাপন কলিতাই কয় যে আমি গুৱাহাটীত যাত্ৰীসকলক চিটীবাছৰ অনুশাসনহীনতাৰ কাৰণে সকাহ দিয়াৰ কাৰণে ব্যৱস্থা লৈছো ৷ ৷ গুৱাহাটীত প্ৰায় ৬৬৯ খন চিটী বাচ আছে ৷ ইয়াৰ বিপৰীতে ৫৫০ টা পথ আছে ৷ ইয়াত ২০০ খন অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আছে ৷ ইফালে মহানগৰীত উবেৰ,ওলা সেৱাত আছে ১০,০০০ খন বাহন,গুৱাহাটীত থকা অট’ৰিক্সাৰ সংখ্যা প্ৰায় ৫০০০ আৰু ১৬৫০ খন আছে মেট্ৰ’ টেক্সি ।

গতিকে গুৱাহাটীত থকা সকলো যান বাহনৰ সংখ্যা হৈছে ১.০৫ লাখ ৷বাপন কলিতাই লগতে কয় যে বিগত তিনিটা বৰ্ষত প্ৰায় যান বাহনৰ ৮০০০ খন লাইচেন্স বাতিল কৰা হৈছে। গতিকে সম্প্ৰতি চিটী সমূহৰ ক্ষেত্ৰ সময় সূচী নিৰ্ধাৰণ কৰি দিব ৷ বাছসমূহৰ আগমন আৰু প্ৰস্থানত দৃষ্টি ৰাখিব কৰ্তৃপক্ষই ৷ প্ৰত্যেক জন যাত্ৰীৰ কাৰণে এটা বাছ আস্থানত এখন চিটী বাচ দুই মিনিট সময় ৰ’ব পাৰিব ৷

লগতে অবৈধ বাছ আস্থানসমূহ ধ্বংস কৰা হ’ব বুলিও কয় কলিতাই। লগতে চিটী বাছসমূহৰ কাৰণে ধাৰ্য কৰা নীতি নিয়ম সমূহ যদি বাছসমূহে অমান্য কৰে তেন্তে তদন্ত কৰিব বিভাগীয় কৰ্তৃপক্ষই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com