বলীউডৰ ছবিলৈ আমিৰ খানৰ ভগ্নী নিখত খানৰ যাত্ৰা

বলীউডৰ ছবিলৈ আমিৰ খানৰ ভগ্নী নিখত খানৰ যাত্ৰা

বলীউডৰ অভিনেতা আমিৰ খানৰ ভগ্নী নিখতে শেহতীয়াকৈ দেখিবলৈ পোৱা যাব মুক্তিৰ অপেক্ষাত থকা ছবি চান্দ কী আঁখৰ জৰিয়তে বি টাউনত ভুমুকী মাৰিব ৷ ছবিখনত ভূমি পাডনেকাৰ আৰু তাপ্সী পান্নুৱে মুখ্য ভূমিকাত অভিনয় কৰিছে ৷ এক বিশেষসূত্ৰৰ খবৰ অনুসৰি,ছবিখনত শ্বুটাৰ চৰিত্ৰৰ উপৰিও অন্যান্য বহু ধৰণৰ চৰিত্ৰই অভিনয় কৰিছে ৷

বলীউডৰ ছবিত প্ৰথম বাৰলৈ অভিনয় কৰা নিখতক চলচ্চিত্ৰ প্ৰেমী সকলে নাজানে কাৰণ লাইমলাইটৰ পৰা দূৰত থকা নিখত। ছবিখনত এগৰাকী মহাৰাণীৰ চৰিত্ৰত অভিনয় কৰিবে নিখতে ৷ছবিখনত নিখতে মহাৰানী চৰিত্ৰটোৰ জৰিয়তে এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে।

ছবিখনৰ মুখ্য কাহিনী চন্দো আৰু প্ৰকাশী তোমৰৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ৷সেই সময়ত গাঁৱসমূহত থকা কন্যা ভূণ হত্যাৰ দৰে হোৱা ঘটনাসমূহত প্ৰকাশী তোমৰ আৰু চন্দো তোমৰে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ ইফালে বিগত সময়ত চান্দ কী আঁখৰ অভিনেত্ৰী ভূমি পাডনে কাৰে ছপাক ছবিৰ অভিনেত্ৰী দীপিকা পাডুকনত ভূয়সী প্ৰশংসা কৰিছিল ৷ভূমি পাডনেকাৰ দীপিকা পাডুকনক প্ৰশংসা কৰি কয় যে ছপাক ছবিখন যথেষ্ট প্ৰাসংগিক ৷ সমাজৰ এটা জলন্ত সমস্যাক ছবিখনত উপস্থাপন কৰা হৈছে ৷ ছপাক ছবিৰ প্ৰথম লুক মই দেখিছোঁ ৷ সেয়া অত্যন্ত মনপৰশা।

ছবি খনৰ কাৰণে দীপিকা পাডুনৰ পৰিৱৰ্তিত ৰূপে আকৰ্ষিত কৰিছে সকলোকে ৷ মই দীপিকা পাডুকনৰ কামৰ কাৰণে সৌভাগ্যশালী বুলি অনুভৱ কৰোঁ ৷ দীপিকা পাডুকনৰ কামে মোক বহুত অনুপ্ৰাণিত কৰে। এই মন্তব্য অভিনেত্ৰী ভূমি পাডনেকাৰৰ ৷ লগতে বলীউডত মহিলাসকলে বা যুৱতী সকলে দেখুওৱা পাৰদৰ্শিতাৰ সম্পৰ্কে ভূমিয়ে কয় যে চান্দ কী আঁখ আৰু ছপাকৰ দৰে ছবিয়ে বলীউডলৈ এক বিশেষ বাৰ্তা কঢ়িয়াই আনিছে ৷ মানুহে কেৱল ভাল ছবি চাবলৈ বিচাৰে ৷

ইফালে ভূমি পাডনেকাৰে চান্দ কী আঁখ ছবিখনৰ প্ৰথম লুকত দৰ্শকসকলে দেখুওৱা মৰমত অভিভূত বুলি মন্তব্য কৰে। লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে যেতিয়া দৰ্শকে আদৰি লয় তেতিয়া মন প্ৰচুৰ শান্তি পোৱা যায় ৷এগৰাকী অভিনেত্ৰী হিচাপে মই এই ছবিখনক সকলো দিছো ৷ সকলো চলচ্চিত্ৰ প্ৰেমীৰ সকৰাত্মক প্ৰতিক্ৰিয়া দেখাৰ পিছত ছবিখনৰ কাৰণে কৰা তিনি ঘন্টা মেক আপ নিশ্চিত ৰূপে সফলতা লাভ কৰিছে। ছবিৰ কাৰণে নিজক পৰিৱৰ্তন কৰাৰ প্ৰসংগত ভূমি পাডেনেকাৰে কয় যে ছবিসমূহৰ কাৰণে হোৱা মোৰ পৰিৱৰ্তন হৈ ভাল পাঁও ৷

গতিকে ছবিসমূহত বাস্তৱভাৱে নিজক উপস্থাপন কৰিবৰ কাৰণে মোৰ পাৰ্যমানে চেষ্টা কৰোঁ ৷ মই ছবিত সমগ্ৰ ঘটনাক সাৱলীল ভাৱে উপস্থাপন কৰি নিজক দায়িত্বশীল অনুভৱ কৰোঁ ৷ চন্দ্ৰ দাদী আৰু প্ৰকাশী দাদী হৈছে বাস্তৱ জীৱনৰ সেনানী৷ মই এই ছবিখনত অভিনয় কৰিবলৈ পায় যথেষ্ট সুখী ৷উল্লেখযোগ্য যে চান্দ কী আঁখ ছবিখনত মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ২৫ অক্টোবৰত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com