Begin typing your search above and press return to search.

জী টিভিৰ জনপ্ৰিয় শ্ব' ছা ৰে গা মা পা লিট'ল চাম্পচৰ ফাইনেলত অসম সন্তান আস্থা দাস

জী টিভিৰ জনপ্ৰিয় শ্ব ছা ৰে গা মা পা লিটল চাম্পচৰ ফাইনেলত অসম সন্তান আস্থা দাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jun 2019 12:43 PM GMT

অসম সন্তান আস্থা দাসে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । জী টিভিৰ জনপ্ৰিয় অনুষ্ঠান ছা ৰে গা মা পা লিট'ল চেম্পচৰ ফাইনেলত প্ৰৱেশ কৰিছে কণমানি আস্থা দাসে। শীৰ্ষ ৬ গৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰিছে আস্থা দাসে ।

আস্থা দাস দশম শ্ৰেণীৰ ছাত্ৰী। গুৱাহাটীৰ নাৰেংগীস্থিত আৰ্মী পাব্লিক স্কুলৰ ছাত্ৰী আস্থা। আস্থাৰ সুৰীয়া কন্ঠয়ে সমগ্ৰ দেশবাসীৰ লগতে বিচাৰক সকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে । আস্থাৰ সুৰীয়া কন্ঠয়ে এই জনপ্ৰিয় অনুষ্ঠানত জয়ী হবলৈ আশা কৰিছে অসমবাসীয়ে । এই ৰিয়েলিটি শ্ব'ৰ গ্ৰেন ফিনালি অনুষ্ঠিত হব ৮ জুনত ।

গৌতম দাস আৰু চায়া দাসৰ কন্যা আস্থা দাসে ইয়াৰ পূৰ্বেও কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেলত অংশগ্ৰহন কৰিছিল । ২০১৭ চনৰ ভইচ কিদচত অংশগ্ৰহন কৰিছিল আৰু ২০১৭ চনৰ কলাৰচ টিভিৰ ৰাইজিং ষ্টাৰত আৰু চনী টিভিৰ ইণ্ডিয়ান আইডলতো অংশগ্ৰহন কৰিছিল ।আস্থা দাসে ভাৰতীয় শাস্ত্ৰীয় সংগীতত বিশাৰদ লাভ কৰিছে। আস্থায়ে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান আৰু মৰম বুটলিবলৈ সক্ষম হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি