Begin typing your search above and press return to search.

কা- ৰ বিৰুদ্ধে আছু আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ পৰৱৰ্তী আন্দোলনৰ ঘোষনা

কা- ৰ বিৰুদ্ধে আছু আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ পৰৱৰ্তী আন্দোলনৰ ঘোষনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jan 2020 7:25 AM GMT

কা- ৰ বিৰুদ্ধে আছু আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ পৰৱৰ্তী আন্দোলনৰ ঘোষনা। নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা‌ আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনে ঘোষনা কৰিলে পৰৱৰ্তী গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলনৰ । লগতে তেওঁলোকে এই আন্দোলন সঠিক ভাৱে ৰূপায়নৰ বাবে ৰাজ্যৰ জনসাধৰণৰ সহায় বিচাৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনে আন্দোলনৰ কাৰ্যসূচী আগবঢ়াই নিয়াৰ বাবে অসমৰ জনসাধাৰণৰ দিহা পৰামৰ্শ বিচাৰিছে । সেই অনুসৰিয়েই অসমৰ প্ৰতিটো অঞ্চলত পদযাত্ৰা, সভা, বিক্ষোভ প্ৰতিবাদী সভাৰ কাৰ্যসূচী অব্যাহত থাকিব।

আন্দোলনৰ কাৰ্যসূচী অনুসৰি জনসাধৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ ৰাজ্যত পদযাত্ৰা আৰু সভা‌ অনুষ্ঠিত কৰা হ'ব । সংগঠন সমূহে যৌথভাৱে ২৭ জানুৱাৰী আৰু ২৮ জানুৱাৰী তাৰিখে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিব আৰু ১ ফেব্ৰুৱাৰী তাৰিখে মানৱ শৃংখল কাৰ্যসূচীৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব ।

৩ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ লখিমপুৰ আৰু ৪ ফেব্ৰুৱাৰী তাৰিখে শিৱসাগৰত বিৰোধ প্ৰদৰ্শন কৰাৰ বাবে আহ্বান জনোৱা হৈছে। সেই একেই ধৰণৰ সভা গোৱালপাৰা, নলবাৰী, বৰপেটা আৰু পাঠশালাতো অনুষ্ঠিত কৰা হ'ব।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে সংগঠনটোৱে বুদ্ধিজীৱী, বিশিষ্ট নাগৰিক সকলৰ যথাযথ পৰামৰ্শ অনুসৰি এই আন্দোলনৰ কাৰ্যসূচী আগবঢ়াই নিয়া হৈছে । লগতে তেওঁলোকে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শৃংখলাবদ্ধ, অহিংস ৰাইজৰ আন্দোলন অব্যাহত থাকিব ।

অন্য খবৰৰ বাবে পঢ়ক : চৰকাৰী চাকৰিৰ বাবে অসমীয়া ভাষা অৱশ্যক : শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰক : Ajmal Foundation distributes 10 Computers to Axom Sahitya Sabha in Guwahati

Next Story
চাকৰি