Begin typing your search above and press return to search.

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা সংগঠনৰ এনআৰচিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা সংগঠনৰ এনআৰচিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Sep 2019 5:23 AM GMT

সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ জনীয়া অন্য জাতীয় সংগঠনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত নোহোৱা স্বদেশী লোকসকলে কোনো ধৰণে বিদেশী ন্যায়াধীকৰণ দুৱাৰ ভৰি নিদিয়াকৈয়ে এনআৰচিত নাম সন্নিবিষ্ট কৰিবলৈ আহ্বান কৰিছে ৷ লগতে উচ্চতম ন্যায়ালয়ক সকলো নথি পুনৰীক্ষণৰ কাৰণে ব্যৱস্থা কৰিবলৈ আহ্বান কৰে।

কাৰণ চূড়ান্ত এনআৰচিত বহু সংখ্যক বাংলাদেশীৰ নাম সন্নিবিষ্ট হৈছে ।সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা অন্য জাতীয় সংগঠনৰ নেতাই শুক্ৰবাৰে আয়োজন কৰা এখন বৈঠকত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী,নাগৰিকত্ব সংশোধনী বিধেয়ক,অসম চুক্তিৰ খণ্ড ৬ আদি বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা কৰে । শনিবাৰে সংবাদমাধ্যমৰ সন্মুখত দিয়া এক মন্তব্যত সংগঠনৰ নেতাসকলে কয় যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ উপেক্ষাৰ কাৰণে অসমৰ জনসাধাৰণে এখন আসোঁৱাহ পূৰ্ণ এনআৰচি লাভ কৰিছে।

২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক ক্ষেত্ৰত সংগঠনসমূহ সুখী নহয় । ইফালে সংগঠন কেইটাই লগতে মন্তব্য প্ৰকাশ কৰে যে কিছুমান ৰাজনৈতিক দল আৰু সংগঠনে অসমত অবৈধ ৰূপত বাস কৰি থকা হিন্দু আৰু মুছলমানসকলক ভোটবেংক হিছাপে ৰাজনীতি আহিছে কৰি আহিছে ৷

আনহাতে এই বৈঠকখনত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মেঘালয়,মণিপুৰ,নাগালেণ্ড আৰু মিজোৰাম মুখ্যমন্ত্ৰীসকলে লোৱা পদক্ষেপক স্বাগতম জনাই ৷ লগতে কয় যে হিন্দু বাঙালীক ভোট বেংক হিছাপে ব্যৱহাৰ কৰিবলৈ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰম্ভ কৰিছে। কিন্তু ৰাজ্যৰ স্বদেশী লোকসকলৰ হিতৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰিছে ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ পিছত বিভিন্ন দল সংগঠন আৰু লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ইয়াৰ ভিতৰত বিজেপি অসম প্ৰদেশে ইংগিত দিয়ে যে ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক তেওঁলোকে স্বীকাৰ কৰা নাই।

অন্য খবৰৰ বাবে পঢ়ক: ১৪ ছেপ্তেম্বৰত অন লাইন যোগে এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam NRC: Pradesh Congress Committee team led by Ripun Bora reached Tinsukia

Next Story
চাকৰি