Begin typing your search above and press return to search.

মেধাৱী ছাত্ৰ ছাত্ৰীক সদৌ অসম ছাত্ৰ সন্থাৰ সম্বৰ্দ্ধনা জ্ঞাপন

মেধাৱী ছাত্ৰ ছাত্ৰীক সদৌ অসম ছাত্ৰ সন্থাৰ সম্বৰ্দ্ধনা জ্ঞাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jun 2019 8:02 AM GMT

মেধাৱী ছাত্ৰ ছাত্ৰী সম্বৰ্দ্ধনা জনাব সদৌ অসম ছাত্ৰ সন্থাই ৷ সদৌ অসম ছাত্ৰ সন্থাই আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা,উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনাব ৷ গুৱাহাটীৰ জিলা পুঁথিভৰালত হ’ব লগা এই অনুষ্ঠানত বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও শিক্ষকসকলক সম্বৰ্দ্ধনা জনোৱা হ’ব ৷

ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ এই অনুষ্ঠানটো সদৌ কামৰূপ জিলা সত্ৰ সন্থা,সদৌ গুৱাহাটী মহকুমা সত্ৰ সন্থা আৰু সদৌ গুৱাহাটী সত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত আয়োজন কৰিছে।

উল্লেখ্য যে এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° আলোক কুমাৰ বুঢ়াগোঁহাঞি,কুমাৰ ভাস্কৰ বৰ্মা,সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড° দীপক কুমাৰ শৰ্মা আৰু জেষ্ঠ্য বিজ্ঞানী ড° হলধৰ দেৱ শৰ্মা বিশিষ্ট অতিথিৰ ৰূপত উপস্থিত থাকিব ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি