কেব বাতিলৰ দাবীত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ জোঁৰ সমদল কাৰ্যসূচী

কেব বাতিলৰ দাবীত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ জোঁৰ সমদল কাৰ্যসূচী

কেব বাতিলৰ দাবীত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ জোঁৰ সমদল কাৰ্যসূচী ।কেব বাতিলৰ দাবীত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ জোঁৰ সমদল কাৰ্যসূচী।‌ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্য জুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো সদৌ লখিমপুৰ ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ হাজাৰোধীক কৰ্মীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোৰ সমদল উলিয়ায়।‌

প্ৰতিবাদী দলটোৱে জোৰ সমদল উলিয়াই সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰা আৰু বিতৰ্কিত বিধেয়ক খন অতি শীঘ্ৰেই উঠাই লোৱাৰ দাবী কৰে। প্ৰতিবাদী দলটোৱে কয় যে এই বিধায়ক খন অসমৰ বাবে ক্ষতিকাৰক। লগতে এই বিধায়ক খনৰ ফলত অসমৰ থলুৱা জনসাধাৰণ , সংস্কৃতি আৰু ভাষাৰ ওপৰত প্ৰভাৱ পেলাব । তেওঁলোকৰ মতে এই বিধেয়কৰ জৰিয়তে আফগানিস্তান , পাকিস্তান‌ আৰু বাংলাদেশৰ বিভিন্ন সংখ্যালঘু শ্ৰেণী যেনে হিন্দু, শিখ, বৌদ্ধ , জৈন , পাৰ্চি আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলক অনাৰ ব্যৱস্থা কৰিব , যি অসমৰ থলুৱা জনসাধাৰণ ওপৰত প্ৰভাৱ পেলাব । ইতিমধ্যে অসমত বিদেশী ৰাষ্ট্ৰ বাংলাদেশৰ পৰা বিভিন্ন সময়ত বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশ ঘটিছে যাৰ প্ৰভাৱ পৰিছে অসমৰ সামাজিক , অৰ্থনৈতিক, আৰু খিলঞ্জীয়াৰ‌ ওপৰত ।

প্ৰতিবাদী দলটোৱে বিধেয়ক খন গৃহীত নকৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকিয়নী প্ৰদান কৰে । বিধেয়কখনৰ ফলত অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ ত্যাগক উপেক্ষা কৰা হ'ব বুলি কয় প্ৰতিবাদী দলটোৱে।

লখিমপুৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি পুলক জ্যোতি বৰা আৰু সাধ।ৰণ সম্পাদক ধনমনি দত্তই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিন্দা কৰে ।

প্ৰতিবাদী দলটোৱে উত্তৰ লখিমপুৰ চহৰৰ প্ৰতিবাদী সমদল উলিয়াই নাগৰিকত্ব সংশোধনী বিধেয়ক, ৰাজ্য চৰকাৰ , কেন্দ্ৰ চৰকাৰ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ কাৰ্যসূচী উত্তাল কৰি তোলে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Congress party and Rahul Gandhi must apologize to the country: Assam BJP

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com