Begin typing your search above and press return to search.

গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ এ আই চি টি ইৰ স্বীকৃতি বাতিলৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট শাখাৰ ৰাজহুৱা সভাৰ আহ্বান

গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ এ আই চি টি ইৰ স্বীকৃতি বাতিলৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট শাখাৰ ৰাজহুৱা সভাৰ আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 May 2019 8:15 AM GMT

গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ এ আই চি টি ই ( All India Council for Technical Education) ৰ স্বীকৃতি বাতিলৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থায়ে ১৮ মেত এখন ৰাজহুৱা সভাৰ আহ্বান জনাইছে ।

প্ৰেছ বিবৃতি মতে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক আৰু সাধাৰণ সভাপতি নিৰঞ্জল সোনোৱাল আৰু প্ৰিঞ্চ দলে প্ৰকাশ কৰে যে অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ অমনযোগিতাৰ বাবে গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ জি ই চি স্বীকৃতি এ আই চি টি ইয়ে বাতিল কৰিছে । তাৰ ফলত কলেজ খনৰ ৯২ গৰাকী শিক্ষাৰ্থীৰ ভৱিষ্যত এক অনিশ্চয়তা সোমাই পৰিছে ।

কলেজ খনৰ পাঠদান ২০১৮ চনৰ পৰা আৰম্ভ হৈছিল আৰু বৰ্তমানলৈকে দুটা চেমিষ্টাৰৰ ফলাফলো ঘোষণা কৰা হৈছে । ইয়াৰ পাছতো এ আই চি টি ইৰ নীতি সমূহৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰিছে ।

এআইচিটিইৰ সদস্য আলোক প্ৰকাশ মিট্টালে অসম চৰকাৰলৈ স্বীকৃতি বাতিলৰ পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰ খনত মহাবিদ্যালয় খনৰ আন্ত:গাঠনি আৰু প্ৰয়োজনীয় তথ্য অসম চৰকাৰে দাখিল কৰা নাই বুলি প্ৰকাশ কৰিছে । লগতে পৰিচালক, অধক্ষ্য আৰু অন্যান্য পদৰ বাবে কোনো বিজ্ঞাপন দিয়াৰ তথ্য দাখিল কৰা নাই বুলি উল্লেখ কৰিছে । লগতে বহুকেইটা তথ্য দাখিল কৰা নাই বুলি পত্ৰত প্ৰকাশ কৰে এআইচিটিইয়ে ।মুঠ ১৭ টা নীতিৰ দোহাই দি স্বীকৃতি বাতিল কৰে মহাবিদ্যালয় খনৰ ।

তাৰ পৰিপ্ৰেক্ষিততে এ আই চি টি ইয়ে স্বীকৃতি বাতিল কৰে গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ খনৰ। সেয়েহে ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট শাখায়ে ১৮ মেত এখন ৰাজহুৱা সভাৰ আহ্বান জনাইছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি