ব্যক্তিগত বিদ্যালয় আৰু জুনিয়ৰ কলেজ সমূহৰ মাছুল ৰেহাই দিবলৈ আহ্বান আছুৰ

ব্যক্তিগত বিদ্যালয় আৰু জুনিয়ৰ কলেজ সমূহৰ মাছুল  ৰেহাই দিবলৈ আহ্বান আছুৰ

ব্যক্তিগত বিদ্যালয় আৰু জুনিয়ৰ কলেজ সমূহৰ মাছুল ৰেহাই দিবলৈ আহ্বান আছুৰ । ক’ৱিড-১৯ ৰ লকডাউনৰ বাবে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ আছে । ইয়াৰ মাজতে বিভিন্নজনে ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক ছাত্ৰ-ছাত্ৰীৰ মাচুল ৰেহাই দিবলৈ আহ্বান জনাইছে। ইতিমধ্যে ৰাজ্যৰ‌‌ কিছুসংখ্যক ব্যক্তিগত বিদ্যালয় আৰু জুনিয়ৰ কলেজে মাচুল ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত শিক্ষা বিনামূলীয়া। আন ব্যক্তিগত শিক্ষানুষ্ঠানসমূহকো মাচুল ৰেহাই দিয়াৰ আহ্বান জনাই দ্যা ছেন্টিনেলৰ আগত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয়, "এয়া এক গুৰুত্বপূৰ্ণ বিষয় ৷ এই মানৱীয় সমস্যাটো স্বাস্থ্যৰ লগত জড়িত। আমি বিদ্যালয় কৰ্তৃপক্ষসমূহক মানৱীয়তা আৰু স্বাস্থ্য দুয়োটা দৃষ্টিকোণৰ পৰা বিষয়টি চাবলৈ আহ্বান জনাইছো আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাচুল ৰেহাই দিবলৈ আহ্বান জনাইছো । নিম্ন আয়ৰ বহু পৰিয়ালে তেওঁলোকৰ ল'ৰা-ছোৱালী‌ ব্যক্তিগত বিদ্যালয়লৈ পঠিয়ায় "।

অানহাতে, কিছুসংখ্যক বিদ্যালয় কৰ্তৃপক্ষই কয় যে এনেদৰে ৰেহাই দিয়াৰ ফলত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু আন কৰ্মচাৰীবৃন্দক দৰমহা দিয়াৰ ক্ষেত্ৰত অসুবিধা হ'ব ।‌

এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয়," তেওঁলোক সম্পূৰ্ণ শুদ্ধ। কিন্তু এই পৰিস্থিতিত আমি ভাবো যে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকৰ দৰমহাৰ বোজা দিব নালাগে। আমি আশা কৰো যে বিদ্যালয় কৰ্তৃপক্ষসমূহে সকাৰাত্মক দৃষ্টিভংগী গ্ৰহণ কৰিব "।

ইতিমধ্যে প্ৰায়ভাগ ব্যক্তিগত বিদ্যালয়ে লকডাউনৰ সময়চোৱাৰ মাচুল ৰেহাই দিছে। এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় ভট্টাচাৰ্যই।‌

ইপিনে, গুৱাহাটীৰ এজন চাহ ব্যৱসায়ী ৰমেশ শইকীয়াই কয়, " মোৰ পুত্ৰই এখন ব্যক্তিগত বিদ্যালয়লত পঢ়া শুনা কৰে । কিন্তু এতিয়া পৰিস্থিতি বহু বেলেগ । বহু দিন ধৰি দোকান‌ খুলিব পৰা নাই । তদুপৰি এয়াও নাজানো যে কেতিয়ালৈকে লকডাউন চলিব । তাৰ বাবে ল'ৰাৰ বিদ্যালয়ৰ মাচুল পৰিশোধ কৰাটো মোৰ বাবে কঠিন হৈ পৰিছে" ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com