Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লক্ষীমপুৰত আছুৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লক্ষীমপুৰত আছুৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Dec 2019 12:36 PM GMT

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লক্ষীমপুৰত আছুৰ প্ৰতিবাদ।বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লক্ষীমপুৰত তীব্ৰ প্ৰতিবাদ কৰে সদৌ অসম ছাত্ৰ সন্থাই (আছুৱে)।যি সময়ত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব বিল খন বৰ্তমানৰ শীতকালীন অধিবেশন চলি থকাৰ সময়ছোৱাতে অনুমোদন কৰাৰ বাবে চেষ্টা কৰি আছে তেনে সময়তে ইয়াৰ ধাৰাবাহিক ভাবে বিৰোধিতা কৰি থকা আছুৱে লখিমপুৰ চহৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

লক্ষীমপুৰৰ প্ৰতিবাদস্থলিত উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃৰ্তি দাহ কৰে।অন্যহাতে বিলখনৰ প্রতি সমৰ্থন দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা অগপ দলৰ নেতা অতুল বৰা আৰু কেশৱ মহন্তৰ প্ৰতিকৃৰ্তিও দাহ কৰে সংগঠনটোৱে।লখিমপুৰ চহৰৰ মুখ্য চাৰিআলিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে জাতীয় সংগঠনটোৱে।

প্ৰতিবাদস্থলিত আছুৰ প্ৰতিনিধি সকলে ক্ষোভৰে কয় যে,চৰকাৰত থকা ৰাজনৈতিক নেতাসকলে কেন্দ্ৰীয় চৰকাৰ ,আৰ এছ এছ ৰ ওচৰত নতশীৰ হল আৰু অসমীয়া জাতি,ভাষা,সংস্কৃতি আদিক বিপদৰ মুখলৈ ঠেলি দিলে যি অতি লজ্জাজনক।অন্যহাতে প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব লয় জিলা সভাপতি প্ৰাণজিত গগৈ ,জিলা সাধাৰণ সম্পাদক পুনমজ্যোতি বুঢ়াগোহাঁইয়ে।

প্ৰতিবাদ স্থলিত জিলা সভাপতি প্ৰাণজিত গগৈয়ে কয় যে,সাম্প্ৰদায়িক বিলখনৰ দ্বাৰা অসমীয়াজাতিক বিপদৰ মুখলৈ ঠেলি দিলে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাই অন্যহাতে দিল্লীৰ নিৰ্দেশণা মানি কাম কৰিছে বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

অন্য খবৰৰ বাবে পঢ়ক : লোহিত খাৱলু এলেকা বিকাশৰ দাবীত স্থানীয় ৰাইজ, দল সংগঠনৰ বৃহৎ প্ৰতিবাদী আন্দোলন

ভিডিঅ প্ৰতক্ষ্য কৰক: KMSS staged protest against Citizenship Amendment Bill in Dispur’s Last Gate

Next Story
চাকৰি