Begin typing your search above and press return to search.

সমগ্ৰ দেশতে ১.৫ লাখ শিশু ধৰ্ষণৰ গোচৰ অমীমাংসিত

সমগ্ৰ দেশতে ১.৫ লাখ শিশু ধৰ্ষণৰ গোচৰ অমীমাংসিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 July 2019 9:02 AM GMT

এক চাঞ্চ্যলকৰ তথ্য পোহৰলৈ আহিছে । বৃহস্পতি বাৰে উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰে যে, সমগ্ৰ দেশতে ১৫০,৩৩০ শিশু ধৰ্ষণৰ গোচৰ বৰ্তমানে অমীমাংসিত আৰু ৩০ জুনলৈকে ৯ শতাংশ গোচৰ নিষ্পত্তি কৰা হৈছে । ভূক্তভুগি সকল ন্যায়ৰ আশাত বৰ্তমানেও অপেক্ষাৰত।

সাত বছৰে আইন প্ৰনয়নৰ বাবে , যৌন নিৰ্যাতনৰ বিৰুদ্ধে শিশু সুৰক্ষা আইনে (POCSO) বৰ্তমানেও ডাতা মেনেজমেন্ট চিষ্টেম বা এম আই এচ পদ্ধতিৰে তথ্য বুলি ধৰা হয় ।

এক বৃহৎ সমস্যাৰ স্বত্ত্বেও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে শিশু ধৰ্ষণৰ মীমাংসা কৰিবলৈ কোনো নিদিষ্ট পদ্ধতি নাই বুলি প্ৰকাশ কৰে । দেশত ১.৫ লাখ গোচৰ অমীমাংসিত হৈ থকাটো এটা বৃহৎ সমস্যা হিচাপে পৰিগণিত হৈছে । ন্যায় বিভাগৰ এজন বিষয়ায়ে প্ৰকাশ কৰে যে," POCSO গোচৰ সমূহ মীমাংসা কৰিবলৈ ডাতা মেনেজমেন্ট চিষ্টেমত উন্নত কৰা হৈছে । কিন্তু আমাৰ হাতত কিমান গোচৰ জমা আছে ইয়াৰ নিদিষ্ট তথ্য নাই আৰু পদ্ধতিত উন্নতি কৰি আছে ।"

বৃহস্পতি বাৰে , এপেক্স কোৰ্টত শুনানিৰ সময়ত প্ৰকাশ কৰে যে, POCSO ৰ গোচৰ সমূহ পাটিয়ালা হাউচে শিশু ধৰ্ষণ আৰু MCOCA গোচৰ সমূহ বিচাৰ কৰি আছে।

লগতে সূত্ৰয়ে প্ৰকাশ কৰে যে, " অমীমাংসিত ১.৫ লাভ লোকৰ POCSO গোচৰ সমূহ মীমাংসা কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন হ'ব । এই গোচৰ সমূহ মীমাংসা কৰাটো যথেষ্ট কঠিন । যিয়ে এই গোচৰ সমূহ ফাষ্ট ট্ৰেক কোৰ্টত মীমাংসা কৰিবলৈ যথেষ্ট বাধাৰ সৃষ্টি হয় । শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰকাশ কৰে যে, " দেশত অধিবক্তাতকৈও অধিক গোচৰ আছে।"

দেশৰ বিভিন্ন প্ৰান্তত শিশু ধৰ্ষণ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় । কিন্তু ইয়াৰে অধিকাংশ গোচৰ এতিয়াও অমীমাংসিত হৈ আছে । ভূক্তভুগি সকলে এতিয়াও ন্যায়ৰ আশাত অপেক্ষা কৰি আছে । ১৫ জুলাইত উচ্চতম ন্যায়ালয়ে কতৃপক্ষক নিৰ্দেশনা প্ৰদান কৰিছিল যে, জিলা ভিত্তিক শিশু ধৰ্ষণৰ গোচৰ সমূহৰ তথ্য সংগ্ৰহ কৰিবলৈ| সমগ্ৰ দেশতে ১৫০,৩৩০ শিশু ধৰ্ষণৰ গোচৰ বৰ্তমানে অমীমাংসিত আৰু ৩০ জুনলৈকে ৯ শতাংশ গোচৰ নিষ্পত্তি কৰা হৈছে ।

দেশত অতি বিপুল হাৰত শিশু ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা বাবে নতুন আইন বলবৎ কৰা হৈছিল। সংসদত গৃহীত হ’ল এই কঠোৰ আইন খনৰ মতে বাৰ বছৰৰ তলৰ শিশুৰ ধৰ্ষনকাৰী মৃত্যুদণ্ডৰে দণ্ডিত হব।লোকসভাই প্ৰণয়ন কৰা অপৰাধী আইন (সংশোধন)ৰ পৰিৱৰ্তে এই আইন গৃহীত কৰা হৈছে।

অধিক খবৰৰ বাবে পঢ়ক : শিশু ধৰ্ষণত অভিযুক্ত এজনক গ্ৰেপ্তাৰ

Next Story
চাকৰি