এহাজাৰতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰা অভিনেতা ব্ৰহ্মানন্দম

এহাজাৰতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰা অভিনেতা ব্ৰহ্মানন্দম

এহাজাৰতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰা অভিনেতা ব্ৰহ্মানন্দম । দক্ষিণ ভাৰতৰ চলচ্চিত্ৰৰ এগৰাকী অন্যতম অভিনেতা ব্ৰক্ষ্মানন্দম । দক্ষিণ ভাৰতৰ চলচ্চিত্ৰৰ সমান্তৰাল ভাৱে বলিউডৰ ছবিতো অভিনয় কৰা দেখা যায় জনপ্ৰিয় অভিনেতা ব্ৰহ্মানন্দমে । দৰ্শকে তেওঁৰ অভিনয় যথেষ্ট ভাল পায় । আমি প্ৰত্যোকেই ব্ৰক্ষ্মানন্দমৰ ছবি উপভোগ কৰিছো। দক্ষিণ ভাৰতীয় বিভিন্ন ছবিত তেওঁৰ অভিনয় দেখিবলৈ পোৱা যায়।

দক্ষিণ ভাৰতৰ বিশিষ্ট অভিনেতা নাগাৰ্জুন, চিৰঞ্জীৱ, আলু অৰ্জুন, প্ৰভু দেবা, ৰজনীকান্ত, প্ৰভাস, আদিক সকলোৱে যথেষ্ট খিনি ভাল পায় । ঠিক তেনেদৰে ব্ৰহ্মানন্দমো সকলোৰে প্ৰিয় অভিনেতা।

আজি জনপ্ৰিয় অভিনেতা ব্ৰহ্মানন্দমৰ জন্মদিন । অভিনেতা গৰাকীয়ে আজি ৬৩ বছৰত ভৰি দিব । এতিয়ালৈ প্ৰায় ব্ৰহ্মানন্দ নে ১০০০ তকৈ অধিক ছবিত অভিনয় প্ৰদৰ্শন কৰিছে। তেওঁক বিশেষকৈ কমেডিয়ানৰ চৰিত্ৰত অভিনয় প্ৰদৰ্শন কৰা দেখা যায়।

অভিনেতা ব্ৰহ্মানন্দ যে তেলেগু ছবি জগতত এক উচ্চ স্থান দখল কৰি আছে ।‌ তেওঁৰ প্ৰত্যোক খন ছবিয়ে যথেষ্ট খিনি মনোৰঞ্জন দিয়ে । এয়াই একমাত্ৰ কাৰণ যে দক্ষিণ ভাৰতৰ প্ৰায়ভাগ ছবিতেই তেওঁক দেখা যায় ।

উল্লেখযোগ্য যে ১৯৮৭ চনত চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল অভিনেতা ব্ৰহ্মানন্দমে । তেওঁৰ অভিনয় প্ৰদৰ্শন কৰা প্ৰথমখন ছবি আছিল 'অহা না পেলাংতা' । তেলেগুৰ লগতে কানাড়া আৰু তামিল ছবিটো অভিনয় প্ৰদৰ্শন কৰা দেখা যায়। তেওঁ তেওঁৰ আকৰ্ষণীয় অভিনয়ৰ বাবে বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হয়।

আজি অভিনেতা গৰাকীৰ জন্মদিন‌ উপলক্ষে ছ'চিয়েল মিডিয়াত ট্ৰেন্ডত আছে । তেওঁৰ অনুৰাগী সকলে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰা দেখা যায়।

তদুপৰি ব্ৰহ্মানন্দমক ২০১৯ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। তদুপৰি অভিনেতা গৰাকীয়ে সৰ্বাধিক স্ক্ৰীন ক্ৰেডিটৰ গিনিজ বুকত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে পদ্মশ্ৰী সন্মানৰ উপৰিও অভিনতা ব্ৰহ্মানন্দমে নন্দী বঁটা, শ্ৰেষ্ঠ কমেডিয়ান ফিল্ম ফেয়াৰ এৱাৰ্ড (তেলেগু) আদি লাভ কৰিবলৈ সক্ষম হয়।

অন্ধ্ৰ প্ৰদেশত জন্ম গ্ৰহণ কৰা ব্ৰহ্মানন্দমৰ পত্নীৰ নাম লক্ষ্মী আৰু তেওঁৰ দুগৰাকী পুত্ৰ হৈছে ৰাজাগৌতম আৰু সিদ্ধাৰ্থ।

অভিনেতা ব্ৰহ্মানন্দমে চন অফ চত্যমুৰ্তি , ৰিবেল, ব্ৰুচলি দা ফাইটাৰ , বাদছাহ, কিং, কিক, অঞ্জান , ৰাম , এম এল এ আদি বিভিন্ন জনপ্ৰিয় ছবিত অভিনয় কৰি ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়াইছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com