আপুনি কিমান দামত কল কিনে ? অভিনেতা ৰাহুল ব'চে দুটা কল কিনিলে ৪৪২.৫ টকাত

আপুনি কিমান দামত কল কিনে ? অভিনেতা ৰাহুল ব'চে দুটা কল কিনিলে ৪৪২.৫ টকাত

পঞ্চ তাৰকাযুক্ত হোটেল সমূহ ব্যয়বহুল বুলি সকলোৱে জ্ঞাত । কিন্তু ব্যয় যেতিয়া আকাশলংঘী হয় তেতিয়া মাধ মাৰ পৰে গ্ৰহকৰ ক্ষেত্ৰত । বলীউড অভিনেতা এগৰাকীয়ে পঞ্চ তাৰকাযুক্ত হোটেলত অতিমাত্ৰা দাম লোৱা কথা প্ৰকাশ কৰিছে । অভিনেতা ৰাহুল ব'চে যেতিয়া চণ্ডীগড়ৰ এখন পঞ্চ তাৰকাযুক্ত হোটেলত থাকিছিল , হোটেল কতৃপক্ষয়ে ২ টা কলৰ বাবে অতিমাত্ৰা দাম নিৰ্ধাৰণ কৰা ঘটনা ছছিয়েল মেডিয়াত প্ৰকাশ কৰিছে ।

অভিনেতা ৰাহুল ব'চে প্ৰকাশ কৰে যে, তেওঁ যেতিয়া পঞ্চ তাৰকা যুক্ত হোটেল খনৰ জিমত কল আনিবলৈ কৈছিল , হোটেল কতৃপক্ষয়ে কোনো কাৰণ নোহোৱাকৈ দুটা কলৰ দাম ৪৪২.৫০ লয় । হোটেলৰ কতৃপক্ষয়ে কল দুটা " Fruit Platter ' বুলি প্ৰদান কৰে । কল দুটাৰ ফটো সহ সমগ্ৰ ঘটনাটো ছছিয়েল মেডিয়াত প্ৰকাশ কৰে ৰাহুল ব'চে। বলীউড অভিনেতা ৰাহুল ব'চে প্ৰকাশ কৰে যে, " আপুনি এইটো প্ৰতক্ষ্য কৰক , বিশ্বাস কৰক । কোনে কয় যে কল আপোনাৰ বাবে ক্ষতিকাৰক নহয়? "( “You have to see this to believe it. Who said fruit wasn’t harmful to your existence? Ask the wonderful folks at @JWMarriottChd #goingbananas #howtogetfitandgobroke #potassiumforkings.”)

https://twitter.com/RahulBose1/status/1153262517961003010

ছবিৰ চুটিংৰ কামত চণ্ডীগড়ৰ এই পঞ্জ তাৰকাযুক্ত হোটেল খনত থাকিব লগা হৈছে বলীউড অভিনেতা ৰাহুল ব'চ । পিছত অভিনেতা জনক কোৱা হৈছে যে GST ৰ বাবে দাম বৃদ্ধি কৰা হৈছে । দামৰ ক্ষেত্ৰত হোটেল খনে কৰা ব্যবসায় অতি আচৰিত । হোটেলৰ কতৃপক্ষয়ে কল দুটা " Fruit Platter ' বুলি প্ৰদান কৰে । অতিমাত্ৰা দাম দিয়াৰ পিছত ৰাহুল ব'চে প্ৰকাশ কৰে যে "মোৰ স্বাস্থ্যৰ বাবে ভাল "।

টুইটাৰযোগে প্ৰকাশ কৰাৰ পাছতে হোটেল আৰু অতিমাত্ৰা বিলৰ সন্দৰ্ভত সকলোৱে হাস্যকৰ কমেন্ট দিয়ে । এজনে প্ৰকাশ কৰে যে, " Its not just banana, its called ullu Banana " ।

আনহাতে আন এজন ব্যক্তিয়ে কমেন্ট কৰে যে, " আমি একে অনুভৱ কৰো যেতিয়া মাল্টিপ্লেক্স (multiplex) ত প'পকন ক্ৰয় কৰো।পঞ্চ তাৰকাযুক্ত হোটেল সমূহ ব্যয়বহুল বুলি সকলোৱে জ্ঞাত । কিন্তু ব্যয় যেতিয়া আকাশলংঘী হয় তেতিয়া মাধ মাৰ পৰে গ্ৰহকৰ ক্ষেত্ৰত ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com