অনতি পলমে কৰণ জোহৰৰ ছবিত পদাৰ্পন ৰাজকুমাৰ ৰাও: উৎসুক চলচ্চিত্ৰ প্ৰেমী

অনতি পলমে কৰণ জোহৰৰ ছবিত পদাৰ্পন ৰাজকুমাৰ ৰাও: উৎসুক চলচ্চিত্ৰ প্ৰেমী

অনতি পলমে বলীউডত কৰণ জোহৰৰ ছবিত দেখা যাব ৰাজকুমাৰ ৰাওক ৷শেহতীয়াকৈ লাভ কৰা এক তথ্য অনুসৰি ধৰ্মা প্ৰডাকশ্যনৰ লগত ৰাজকুমাৰ ৰাওে তিনিখন ছবিত অভিনয় কৰিবলৈ চুক্তি বদ্ধ হৈছে। কৰণ জোহৰ আৰু ৰাজকুমাৰ ৰাও দুয়োগৰাকী ভাল বন্ধু ৷ দুয়োগৰাকীয়ে ইজনে সিজনৰ কামৰ শলাগ লয় ৷আৰু ব্যক্তিগত পাৰ্টিসমূহতো ৰাজকুমাৰ আৰু কৰণক দেখিবলৈ পোৱা যায় ৷

গতিকে বহু সময় ধৰি এই দুয়োজনৰ কামৰ কাৰণে অনুৰাগীসকলে অপেক্ষা কৰাৰ অন্তত শেষত এই সুখবৰটি আগবঢ়াইছে অনুৰাগীলৈ । ইফালে ধৰ্মা প্ৰডাকশ্যনৰ লগত চুক্তি বদ্ধ হোৱা ছবিসমূহৰ ভিতৰত এখন হ’ব পাৰে ভৌতিক ছবি৷ ভুতঃ দ্য হান্টেড শ্বিপৰ প্ৰথম পাৰ্টটোত দেখিবলৈ পোৱা যাব ৱিক্কী কৌশল আৰু ভূমি পাডনেকাৰে ৷

আৰু ভূতঃ দ্য হান্টেদ শ্বিপ দ্বিতীয় ভাগত দেখিবলৈ পোৱা যাব ৰাজকুমাৰ ৰাওক। ইফালে ৰাজকুমাৰ ৰাওৰ স্ত্ৰী,ৰুহ অফজাৰ পিছত এই ছবিখন হ’ব তৃতীয় ভৌতিক ছবি । এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ধৰ্মা প্ৰডাকশ্যনৰ লগত ৰাজকুমাৰ ৰাওৰ এই চুক্তি হ’ব ২৪ কোটি টকাত ৷ অৱশ্যে ৰাজকুমাৰ ৰাও সৰু চহৰৰ চৰিত্ৰৰ ভূমিকাত বেছি আকৰ্ষনীয় লাগে কাৰণেই ৰাজকুমাৰ ৰাওক চুক্তি বদ্ধ হৈছ ৷

বলীউডত প্ৰথমবাৰলৈ ভৌতিক ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে প্ৰযোজক,পৰিচালক, অভিনেতা,বিচাৰক কৰণ জোহৰ ৷ কৰণ জোহৰে টুইট কৰিছে ভূত ছবিৰ প’ষ্টাৰ ৷ ছবিখনে মুক্তি পাব ১৫ নবেম্বৰত ৷ ইফালে কৰণ জোহৰে টুইটাৰ যোগে ভূত ছবিখনৰ প’ষ্টাৰ মুক্তি দিয়াৰ লগে লগে ৰামগোপাল বাৰ্মাই উৎসুকতা প্ৰকাশ কৰি লিখিছে যে,ছবিখনৰ প’ষ্টাৰ আকৰ্ষণীয় ৷

ছবিখন প্ৰত্যক্ষ কৰিবলৈ মই উৎসুক বুলি প্ৰকাশ কৰে ৰাম গোপাল বাৰ্মাই ৷লগতে কৰণ জোহৰে ৰামগোপাল বাৰ্মাৰ এই উৎসুকতাক ধন্যবাদ জনায় কয় যে মই যথেষ্ট সুখী ৷ইফালে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা বিক্কী কৌশলেও টুইটাৰ যোগে প’ষ্টাৰখন অনুৰাগীলৈ আগবঢ়াই ৷ছবিখনত অভিনয় কৰিছে বিক্কী কৌশলৰ লগতে ভূমি পাডনেকাৰে ৷ছবিখনৰ নিৰ্দেশনা কৰিছে ভানু প্ৰতাপ সিঙে ৷

বলীউডৰ লগতে চলচিত্ৰ প্ৰেমীসকলৰ এটি পৰিচিত নাম৷ অসাধাৰণ অভিনয়ৰ বাবেই সম্প্ৰতি হাজাৰ জনৰ মাজত ৰাজকুমাৰ ৰাও পৰিচিত ৷ বলীউডত নিজক প্ৰতিষ্ঠা কৰাৰ সপোন দেখা সকলৰ বাবে সম্প্ৰতি ৰাজকুমাৰ ৰাওতকৈ উত্তম উদাহৰণ কোনো হ’ব নোৱাৰে। কাৰণ কোনো ধৰণৰ ষ্টাৰ অথবা হিৰো হ’ব পৰা লুক নথকাকৈ এজন সাধাৰণ যুৱক আজি বলীউডৰ হিৰো সকলৰ মাজত অন্যতম ৷ফিল্ম আৰু টেলিভিশ্যন ইনষ্টিটিউটৰ স্নাতক ৰাজকুমাৰ ৰাও ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com