কংগনা ৰানাউট আৰু ৰাজকুমাৰ ৰাওৰ অভিনীত মেন্টেল হ্যে ক্যিয়াৰ দ্বিতীয়খন প’ষ্টাৰ মুকলি

কংগনা ৰানাউট আৰু ৰাজকুমাৰ ৰাওৰ অভিনীত মেন্টেল হ্যে ক্যিয়াৰ দ্বিতীয়খন প’ষ্টাৰ মুকলি

কংগনা ৰানাউট আৰু ৰাজকুমাৰ ৰাওৰ এই বছৰৰ চৰ্চিত ছবি মেন্টেল হ্যে ক্যিয়াৰ মোশ্যন প’ষ্টাৰ মুক্তি পালে ৷ ইনষ্টাগ্ৰামত কংগনা ৰানাউটৰ পেইজত এই প’ষ্টাৰখন শ্বেয়াৰ কৰিছে ৷কেপশ্যনত লিখিছে এই লোকসকলে আপোনাৰ ধাৰণাক আগবঢ়াই নিবলৈ সাজু আছে ৷ কাৰো ওপৰত বিশ্বাস নকৰিব ৷ ছবিখন প্ৰথম প’ষ্টাৰ মুক্তি পাইছিল ১৭ এপ্ৰিলত ৷

ইফালে ৰাজকুমাৰ ৰাও আৰু কংগনা ৰানাউট দ্বিতীয়বাৰৰ কাৰণে একেলগে ছবিত দেখিবলৈ পোৱা যাব৷ ইয়াৰ পূৰ্বতে ২০১৪ চনত মুক্তি প্ৰাপ্ত ছবি কুইনত দেখা পোৱা গৈছিল ৷ উল্লেখ্য যে টাইটেল আৰু কাহিনীটোক লৈ সম্প্ৰতি চিকিৎসক সকলে বিৰোধ প্ৰদৰ্শন কৰিছে ৷তেওঁলোকৰ মন্তব্য যে মেন্টেল শব্দৰ অৰ্থ যে মানসিক ৰোগত আক্ৰান্ত লোকসকলক উপলুঙা কৰা ধৰণৰ কথা ৷

https://www.instagram.com/p/By1rxRYFR33/

গতিকে ছবিখনৰ টাইটেলটোৱে মানসিক ৰোগীসমূহক অপমানজনক,ভেদভাৱ আৰু অমানৱীয় ৰূপত উপস্থাপন কৰিছে ৷ ইফালে ছবিখন মুক্তি পাব চলিত মাহৰ ২৬ জুলাইত ৷

অভিনেত্ৰী আৰু ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰিব অভিনেত্ৰী কংগনা ৰানাউটে ৷ কিন্তু জয়াললিতাৰ বায়’পিকত কংগনা ৰানাউটক অ’ফাৰ কৰা পাৰিশ্ৰমিকেহে সকলোকে আচম্বিত কৰিছে ৷ কাৰণ কংগনা ৰানাউটক পাৰিশ্ৰমিক হিচাপে অ’ফাৰ কৰিছে ২৪ কোটি টকা ৷ আৰু ইয়াৰ কাৰণে কংগনা ৰানাউটে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইয়াৰ কাৰণে কংগনা ৰানাউটে তামিল শিকিব ৷ যাতে জয়া ললিতাৰ চৰিত্ৰটো বাস্তৱায়িত কৰিব পাৰে ৷

এই সন্দৰ্ভত কংগনা ৰানাউটে কয় যে মই জয়াললিতাৰ চৰিত্ৰটো আৰু ওচৰৰ পৰা জানিব বিছাৰো ৷ সেই চৰিত্ৰটোৰ লগত মই একাত্ম হ’ব বিচাৰোঁ ৷ কাৰণেই মই তামিল শিকিব বিছাৰোঁ ৷ যেতিয়াই পংগা আৰু মেন্টল হ্যে কিয়া ছবি খনৰ দৃশ্য গ্ৰহণ সমাপ্ত হ’ব তেতিয়াই মই তামিল ভাষা শিকিবলৈ ক্লাছ কৰিম ৷

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে ২৩ মাৰ্চত হৈ যোৱা জন্ম দিনত ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰাৰ কথাটো ঘোষণা কৰে । আৰু ইয়াৰ লগে লগে কংগনা ৰানাউট দেশৰ সকলোতকৈ দামী অভিনেত্ৰীৰ খিতাপো লাভ কৰে ৷ এক তথ্য অনুসৰি তামিল আৰু হিন্দী ভাষাত নিৰ্মিত হ’ব লগা এই ছবিখনৰ নিৰ্মাতাকাৰী সকলে কংগনা ৰাণাউটৰ ওপৰত বহুতো ভৰষা কৰিছে ৷ সেয়েহে ২৪ কোটি টকা দিবলৈও কোনো চিন্তা কৰা নাই ছবিখনৰ নিৰ্মাতাসকলে ।

কংগনা ৰাণাউটে প্ৰসংগতে নিজৰ বায়’পিকৰ কথা উল্লেখ কৰি কংগনাৰ বায়’পিকত কাম কৰি থকাৰ কথা উল্লেখ কৰে ৷ আৰু কংগনা আৰু জয়াললিতাৰ বায়’পিকৰ সাদৃশ্যৰ কথাও উল্লেখ কৰে ৷ আৰু অভিনেত্ৰী গৰাকীয়ে কয় যে মই সুখী যে জয়াললিতাৰ দৰে এগৰাকী শক্তিশালী মহিলাৰ চৰিত্ৰত মই অভিনয় কৰিবলৈ পাইছো। উল্লেখ্য যে ছবিখন তামিল ভাষাত পুৰাৎচি থলাইবী আৰু হিন্দীত জয়া নামেৰে নিৰ্মাণ হ’ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com