Begin typing your search above and press return to search.

জিলা উপায়ুক্তৰ কাৰ্যালয়ত সীমান্ত সুৰক্ষাৰ সন্দৰ্ভত আলোচনা ধুবুৰী জিলা প্ৰশাসনৰ

জিলা উপায়ুক্তৰ কাৰ্যালয়ত সীমান্ত সুৰক্ষাৰ সন্দৰ্ভত আলোচনা ধুবুৰী জিলা প্ৰশাসনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2019 8:02 AM GMT

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কনফৰেন্সৰ হলত অনুষ্ঠিত বৈঠকত ধুবুৰী জিলা প্ৰশাসন , দক্ষিণ শালমৰা- মানকাছাৰ জিলা প্ৰশাসনৰ লগত বাংলাদেশৰ ১০ জনীয়া প্ৰতিনিধিৰ দলে ভাৰত-বাংলাদেশ সীমান্তৰ কেইবাটাও বিষয়াৰ সন্দৰ্ভত আলোচনা কৰে। বিশেষকৈ সীমান্তৰ কাঁটা তাৰ, ব্যবসায়, বানিজ্য আৰু সীমান্ত বিভিন্ন বয়-বস্তুৰ সৰবৰাহ আদিৰ সন্দৰ্ভত আলোচনা কৰা হৈছে এই বৈঠকতে ।

" দুয়োখন দেশৰ নিৰাপত্তা দিশৰ লগতে দুয়োখন দেশৰ ক্ষেত্ৰতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিষয় সমুহৰ ওপৰতো আলোচনা কৰে । দুয়োখন দেশৰ শান্তি আৰু সমৃদ্ধিৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰে বৈঠকত উপস্থিত থকা বিষয়ায়ে ।

চুবুৰীয়া দেশ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ জিলা উপায়ুক্ত চুলতানা পাৰবিনৰ নেতৃত্বত বাংলাদেশৰ প্ৰতিনিধিৰ দলটোৱে এই বৈঠকত অংশগ্ৰহন কৰে। এই বৈঠকত ধুবুৰীৰ জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলা উপায়ুক্ত অটিকা চুলতান আৰু দুয়োখন দেশৰ আৰক্ষীৰ চুপাৰটেন্দেত আৰু বি এচ এফৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ।

ভাৰত-বাংলাদেশ সীমান্ত কৰিমগঞ্জৰ উন্মুক্ত হৈ থকা ৪.৩৫ কিলোমিটাৰত ফেঞ্চিং দিয়া হব । কিছুদিনৰ পুৰ্বে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিভ্ৰমণ কৰি গৃহ আৰু ৰাজনীতি বিভাগৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণায়ে এই কথা প্ৰকাশ কৰিছিল । কৰিমগঞ্জৰ সতাৰকান্দীস্থিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰত অনুষ্ঠিত এক বৈঠকত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণায়ে সীমান্তত থকা লোকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয় আৰু সীমান্তত উন্নয়ন মুলক কামৰ কথাও প্ৰকাশ কৰিছিল। সীমান্ত পৰিভ্ৰমণ কৰাৰ পিছত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণায়ে সীমান্ত সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়া আৰু জিলা প্ৰশাসনৰ লোক সকলৰ সৈতে বৈঠকত মিলিত হৈছিল । সীমান্তৰ লোকসকলৰ সমস্যাসমূহৰ ক্ষেত্ৰত চৰকাৰ সজাগ বুলি প্ৰকাশ কৰিছিল। সীমান্তৰ লোকসকলৰ গৃহ নিৰ্মাণৰ বাবে সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া সকলে প্ৰশাসনক অনুৰোধ কৰে । এই বৈঠকতে সীমান্ত সুৰক্ষা বাহিনীয়ে পাৱাৰ পইন্ট প্ৰেজেন্টেচন তৈয়াৰ কৰে আৰু জিলা প্ৰশাসনক জনাই যে কৰিমগঞ্জ জিলাৰ সীমান্তৰ নদী সমুহৰ গৰাখহনীয়া ৰোধৰ বাবে আচনি ৰূপায়ণ কৰিব লাগে। এই বৈঠকতে হাতী মানুহৰ সংঘাতৰ কথাও আলোচনা কৰা হৈছিল । ভাৰত- বাংলাদেশৰ মাজত কৰিমগঞ্জ জিলাৰ চম্পাবাৰীত হাতী যাবৰ বাবে কৰিডৰ নিৰ্মাণ কৰি থকা হৈছে । এই কৰিডৰত ” হাই- মাষ্ট লাইট ” ব্যবহাৰ কৰা হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক:অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণাৰ ভাৰত-বাংলাদেশৰ সীমান্ত ভ্ৰমণ

Next Story
চাকৰি